নীট-২০২৪ৰ ফটা অ’এমআৰ উত্তৰ শ্বীট পৰীক্ষাৰ্থীক প্ৰদান সন্দৰ্ভত স্পষ্টিকৰণ এনটিএৰ

75

নীট-২০২৪ক লৈ বিতৰ্ক অব্যাহত আছে। নীট-২০২৪ত বিসংগতি হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰীক্ষাৰ্থীয়ে। ইয়াক লৈ মাত মাতিব ধৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীকে ধৰি বহুজনে। ইয়াৰ মাজতে এগৰাকী পৰীক্ষাৰ্থীৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে, য’ত তেওঁ অভিযোগ কৰিছে যে তেওঁক এনটিএৰ তৰফৰ পৰা ফটা অ’এমআৰ উত্তৰ শ্বীট প্ৰদান কৰা হৈছে। এগৰাকী শিক্ষাৰ্থীৰ ভাইৰেল ভিডিঅ’ সন্দৰ্ভত নেচনেল টেষ্টিং এজেন্সি (এনটিএ)ৰ তৰফৰ পৰা এক বিবৃতি জাৰি কৰিছে। এনটিএয়ে কয় যে ফটা অ’এমআৰ উত্তৰ শ্বীট এখনো এনটিএৰ অফিচিয়েল আইডিৰ পৰা প্ৰেৰণ কৰা হোৱা নাছিল। আয়ুশী পেটেল নামৰ এগৰাকী ছাত্ৰীয়ে দাবী কৰিছিল যে তেওঁ এখন ফটা অ’এমআৰ উত্তৰ শ্বীট লাভ কৰিছে।
এই সন্দৰ্ভত এনটিএ-য়ে কয়-ভাইৰেল হৈ থকা ভিডিঅ’টোত আয়ুশী পেটেল নামৰ এজন শিক্ষাৰ্থীয়ে এনইইটি পৰীক্ষাত খেলিমেলি পোৱা আৰু ওএমআৰ শ্বীট ছিঙি যোৱা বুলি দাবী কৰিছে। এনটিএ-য়ে স্পষ্ট কৰিব বিচাৰে যে এনটিএৰ অফিচিয়েল আইডিৰ পৰা কোনো ফটা অ’এমআৰ শ্বীট প্ৰেৰণ কৰা হোৱা নাছিল। অফিচিয়েল ৰেকৰ্ড অনুসৰি, অ’এমআৰ শ্বীট খন সুৰক্ষিত আৰু নম্বৰবোৰ সম্পূৰ্ণশুদ্ধ। প্ৰাৰ্থীসকলে অফিচিয়েল ৱেবছাইটৰ পৰাই স্কোৰকাৰ্ড ডাউনলোড কৰিব লাগে। ভাইৰেল হোৱা ভিডিঅ’টোত, আয়ুশী পেটেলে দাবী কৰিছিল যে তেওঁ ৭০০ তকৈ অধিক নম্বৰ লাভ কৰিব বুলি আশা কৰিছিল, কিন্তু তেওঁ ফটা অ’এমআৰ শ্বীটৰ এটা প্ৰতিলিপি পাইছিল। ছাত্ৰীগৰাকীয়ে অভিযোগ কৰিছিল যে তেওঁৰ ওএমআৰ শ্বীটখন তছনছ কৰা হৈছিল। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে আয়ুশী পাটলেৰ ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে “বছৰে বছৰে এই পৰীক্ষাবোৰত পেপাৰ লিক, ফলাফল সম্পৰ্কীয় অনিয়ম পোহৰলৈ আহিছে।”