ভাৰতত এনএছই, আইএফচি আৰু জলবায়ু বণ্ডৰ পদক্ষেপেৰে সেউজ বিত্তীয় ক্ষেত্ৰত বৃহৎ পদক্ষেপ

নেচনেল ষ্টক একচেঞ্জ অৱ ইণ্ডিয়া(এনএছই)ই ভাৰতীয় উদ্যোগৰ বিভিন্ন খণ্ডত জ্ঞান বৃদ্ধিৰ লক্ষ্যৰে প্ৰথমবাৰলৈ ডিপ-ডাইভ কৰ্মশালা আয়োজন কৰি সফলতাৰে সমাপ্ত কৰিছে। ২০২৪ চনৰ ৩ এপ্ৰিলত মুম্বাইত আৰু ২০২৪ চনৰ ৫ এপ্ৰিলত নতুন দিল্লীত দুদিনীয়াকৈ আয়োজিত এই কৰ্মশালাত আন্তঃৰাষ্ট্ৰীয় বিত্ত নিগম(আইএফচি)ৰ সহযোগত ক্লাইমেট বণ্ড ইনিচিয়েটিভ (চিবিআই), এইচএছবিচি আৰু দ্য কিংডম অৱ নেদাৰলেণ্ডৰ পৃষ্ঠপোষকতাত ‘ডিপ ডাইভ ইন গ্ৰীণ, ছ’চিয়েল, এণ্ড ছাষ্টেনেবিলিটী (জিএছএছ) বণ্ড ইছ্যু প্ৰচেছ’ শীৰ্ষক কৰ্মশালাত বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰা হয়। কেৱল তথ্যমূলক আলোচনাতে সীমাবদ্ধ নাথাকি এই কৰ্মশালাত আগশাৰীৰ উদ্যোগী আৰু নীতি নিৰ্ধাৰকসকলৰ বাবে বজাৰ আৰু সমাজৰ বাবে বহনক্ষম ভৱিষ্যৎ গঢ় দিয়াত জিএছএছ বণ্ডৰ সম্ভাৱনাৰ বিষয়ে আলোচনা আৰু লাভ আদায় কৰিবলৈ এখন মঞ্চ প্ৰদান কৰিছিল। বিত্ত, ৰিয়েল ছেক্টৰ আৰু বিভিন্ন উদ্যোগৰ উপস্থিত প্ৰতিনিধিসকলে জিএছএছ বণ্ড জাৰিৰ প্ৰক্ৰিয়া আৰু সেউজ আন্তঃগাঁথনিৰ বিত্তীয় সাহায্যৰ ক্ষেত্ৰত নিজৰ ভূমিকা ইত্যাদি বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশেষজ্ঞসকলৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰে।

জলবায়ু পৰিৱৰ্তনৰ বিভিন্ন প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত জিএছএছ বণ্ডৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আইএফএছচিএৰ অধ্যক্ষ কে ৰাজাৰমনে বহনক্ষম বিত্তীয় সঁজুলি গ্ৰহণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। ৰাজাৰমনে কয় যে, “আজিৰ প্ৰশিক্ষণ অনুষ্ঠানটোৱে এক গুৰুত্বপূৰ্ণ পদক্ষেপক সূচাইছে, যিয়ে বিভিন্ন ব্যক্তি আৰু সংগঠনসমূহৰ মাজত সজাগতা আৰু প্ৰস্তুতিক নতুন মাত্ৰা প্ৰদান কৰি এই দৃশ্যপট কাৰ্যকৰীভাৱে পৰিচালনা কৰে।” এই কৰ্মশালাত উত্তৰাখণ্ড চৰকাৰৰ ৰাজহুৱা নীতি আৰু সুশাসন কেন্দ্ৰ(চিপিপিজিজি)ৰ পৰিকল্পনা আৰু মুখ্য কাৰ্যবাহী বিষয়া ড০ আৰ মীনাক্ষী সুন্দৰম আৰু চুৰাট পৌৰ নিগমৰ পৌৰ আয়ুক্ত আইএএছ শালিনী আগৰৱালৰ দৰে ব্যক্তিসকলে নিজৰ আকৰ্ষণীয় অন্তৰ্দৃষ্টি প্ৰদান কৰিছিল, যিয়ে বহনক্ষম নগৰ উন্নয়নত জিএছএছ সঁজুলিৰ পৰিৱৰ্তনশীল সম্ভাৱনাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছিল।

আইএফচি ইণ্ডিয়াৰ মুৰব্বী ৱেণ্ডি জ’ ৱেৰ্নাৰে ভাৰতৰ বহনক্ষম বিত্তীয় বজাৰক অনুপ্ৰেৰিত কৰাৰ প্ৰতিশ্ৰুতি সমুখত ৰাখিছে, আনহাতে ক্লাইমেট বণ্ড পদক্ষেপলৈ কাৰিকৰী সহায় আৰু সামৰ্থ্য নিৰ্মাণ বিভাগৰ মুৰব্বী জালিনা চামচুদিনে সহযোগিতা কৰি প্ৰয়োজনীয় জ্ঞান আৰু সঁজুলিৰে বজাৰৰ অংশীদাৰসকলক শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে প্ৰশংসা কৰিছে। এনএছইৰ এমডি তথা চিইঅ’ আশিসকুমাৰ চৌহানে এই কৰ্মশালাসমূহক ভাৰতৰ জলবায়ু বিত্তীয় ব্যৱধান নোহোৱা কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে অভিহিত কৰিছে আৰু পৰিৱেশ আৰু সামাজিক লক্ষ্যৰ সৈতে বিত্তীয় প্ৰণালীক সংৰেখিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *