ভিএফপিএলৰ সৈতে অংশীদাৰ এনএছডিচিৰ

ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগমে (এনএছডিচি) শিক্ষাৰ্থীসকলক দক্ষ পৰিস্থিতিতন্ত্ৰ (ecosystem)ত বিত্তীয় সাহায্য প্ৰদান কৰিবলৈ ভাৰ্থানা (Varthana) ফাইনেন্স প্ৰাইভেট লিমিটেডৰ সৈতে অংশীদাৰীত্ব কৰিছে।এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে নিম্ন আয়ৰ লোকসকলৰ বাবে শিক্ষাৰ বিত্তীয় ব্যৱধান দূৰ কৰা, যাতে ভাৰতৰ যুৱকসকলে বিত্তীয় প্ৰতিষ্ঠানৰ পৰা বিচৰা ধৰণে পাঠ্যক্ৰম পঢ়িবলৈ বিত্তীয় সাহায্য লাভ কৰিব পাৰে। এনএছডিচিৰ চিঅ’অ’ আৰু কাৰ্যবাহী বিষয়া বেদ মণি তিৱাৰীয়ে কয়, “লাখ লাখ দুখীয়া শিক্ষাৰ্থীক কাৰিকৰী আৰু বৃত্তিমূলক প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে আমি ভাৰ্থানাৰ সৈতে অংশীদাৰীত্ব কৰিছো।”

এনএছডিচি-ৰ চিঅ’অ’ আৰু  মুখ্য কাৰ্যবাহী বিষয়া এক দশকতকৈও অধিক সময় ধৰি দক্ষ পৰিস্থিতিতন্ত্ৰৰ সৈতে জড়িত হৈ আছে আৰু দক্ষতাৰ চাহিদা আৰু যোগানৰ মাজত বিদ্যমান ব্যৱধান হ্ৰাস কৰিবলৈ চেষ্টা চলাই আছে। ই দক্ষতা বিকাশ অভিযানত এক সম্বৰ্ধনাকাৰী (felicitator) হিচাপে কাম কৰে আৰু দক্ষতা প্ৰশিক্ষণ প্ৰদান কৰা উদ্যোগ, কোম্পানী আৰু সংগঠনবোৰক একত্ৰিত কৰে। এই অংশীদাৰীত্বই স্কেলেবল আৰু লাভজনক বৃত্তিমূলক প্ৰশিক্ষণ প্ৰচেষ্টা গঢ়ি তোলাৰ বাবে নিৰৱচ্ছিন্ন পুঁজি নিশ্চিত কৰিব।

ভাৰ্থানাৰ হেড-ষ্টুডেণ্ট ছলিউচনছৰ সতমিত সিঙে (Satmeet Singh)কয়, “মই এনএছডিচিক তেওঁলোকৰ বিশ্বাস প্ৰদান কৰাৰ বাবে আৰু এই প্ৰচেষ্টাৰ জৰিয়তে দেশৰ বিকাশত অৰিহণা যোগোৱাৰ সুযোগ দিয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰো।”

By Business Correspondent

Leave a Reply

Your email address will not be published. Required fields are marked *