এনএছডিচি আৰু বাজাজ ফিনচাৰ্ভ লিমিটেডে সম্বলপুৰত উন্মোচন কৰিলে অডিচাৰ্ভ প্ৰকল্প 

ওড়িশাৰ সম্বলপুৰৰ গংগাধৰ মেহেৰ বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম (এনএছডিচি) আৰু বাজাজ ফিনচাৰ্ভ লিমিটেডে উমৈহতীয়াভাৱে প্ৰথম দক্ষতা বিকাশ প্ৰচেষ্টা প্ৰজেক্ট অডিচাৰ্ভ আৰম্ভ কৰিছে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে বেংক ফাইনেঞ্চিং আৰু ইঞ্চুৰেন্সৰ বাবে বাজাজ ফিনচাৰ্ভৰ প্ৰমাণপত্ৰ কাৰ্যসূচী বা চাৰ্টিফিকেট প্ৰগ্ৰাম(চিপিবিএফআই)ৰ জৰিয়তে প্ৰথম প্ৰজন্মৰ স্নাতকসকলক জ্ঞান আৰু দক্ষতা প্ৰদান কৰা, সামগ্ৰিকভাৱে প্ৰায় ১০০ ঘণ্টাৰ সময় প্ৰশিক্ষণ প্ৰদান কৰিব।

এনএছডিচি এণ্ড বাজাজৰ সৈতে এই অংশীদাৰিত্বৰ অধীনত ফিনচাৰ্ভে সমগ্ৰ দেশৰ ২২খন ৰাজ্যত চিপিবিএফআই কাৰ্যসূচী মুকলি কৰিব, যিয়ে ৪০০তকৈও অধিক মহাবিদ্যালয়ক সামৰি ল’ব। এই পদক্ষেপৰ লক্ষ্য হৈছে চিপিবিএফআই কাৰ্যসূচীৰ জৰিয়তে ২০,০০০ নিবনুৱাৰ জীৱনলৈ সামৰ্থ্য গঢ়ি তোলা। বিভিন্ন আগশাৰীৰ উদ্যোগ বিশেষজ্ঞ-নেতৃত্ববাহী, প্ৰশিক্ষণ অংশীদাৰ, শিক্ষানুষ্ঠান আৰু মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ সহযোগিতাত এই পাঠ্যক্ৰম প্ৰস্তুত কৰা হৈছে।

ইয়াৰ অধীনত শিক্ষাৰ্থীসকল কেৱল শৈক্ষিকভাৱে সজ্জিত হোৱাই নহয়, লগতে বিত্তীয় খণ্ডতো উৎকৃষ্ট হোৱাটো নিশ্চিত কৰিবলৈ স্কিল ইণ্ডিয়া ডিজিটেল হাব(এছআইডিএইচ)ত এই অংশীদাৰীত্ব উন্নত কৰা হ’ব। এই কাৰ্যসূচীয়ে বেংক, বিত্তীয় অংশীদাৰ, বিত্তীয় প্ৰতিষ্ঠান আৰু বীমা প্ৰতিষ্ঠানবোৰৰ সৈতে নতুন বিকাশ-অগ্ৰগতিৰ সুযোগ বৃদ্ধি কৰিবলৈ আৰু ইণ্টাৰ্নশ্বিপ, কামৰ সময়ত প্ৰশিক্ষণ আৰু সৰ্বশ্ৰেষ্ঠ উদ্যোগ পদ্ধতিৰ এক প্ৰত্যক্ষ আভাস প্ৰদান কৰাৰ বাবেও সহযোগিতা আগবঢ়াব। বাজাজ ফিনচাৰ্ভৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক সঞ্জীৱ বাজাজে ভাৰতক পৃথিৱীৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ লক্ষ্যৰ বাবে যুৱক-যুৱতীসকলৰ দক্ষতা আৰু নিয়োগৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি চিপিবিএফআই কাৰ্যসূচীৰ সামাজিক প্ৰভাৱৰ ওপৰত সৰ্বাধিক জোৰ দিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *