ভাৰতৰ উত্তৰ-পূব ৰাজ্যৰ বিভিন্ন প্রান্তৰ বিশিষ্ট ব্যক্তিক সম্মান জনোৱাৰ উদ্দেশ্যে দ্য টাইমছ নেটৱর্কে আৰু ব্যতিক্রম গ্ৰুপৰ সহযোগত “জেমছ অৱ নথইষ্ট”- এক বিশেষ সম্বর্ধনা অনুষ্ঠান আয়োজন কৰা হৈছিল। ২৩ মে’ৰ সন্ধিয়া ৫ বজাৰ পৰা গুৱাহাটী খানাপাৰা স্থিত হোটেল বিভান্তাত অনুষ্ঠিত হ’য় এই অনুষ্ঠান। প্রতিভা, নিষ্ঠা, আৰু কৃতিত্বৰ এক উদযাপনৰ সাক্ষী হ’ল সমগ্র অসম। এই অনুষ্ঠানত উত্তৰ-পূবৰ বিশিষ্ট উদ্যোগী, পেছাদাৰী, ব্যৱসায়িক নেতা সকলক এক নক্ষত্রমণ্ডলত একত্ৰিত কৰিছে যাৰ দৃষ্টিভংগী আৰু উদ্দেশ্যৰে গঢ় দি ভৱিষ্যত গঠন কৰিছে। সমগ্ৰ অসম আৰু ইয়াৰ বাহিৰৰ প্ৰভাৱশালী ব্যক্তিত্বৰ সৈতে এই সন্ধিয়াটোৱে ধাৰণা, প্ৰেৰণা, আৰু পৰিৱৰ্তনশীল প্রভাৱৰ এক শক্তিশালী সংগম হিচাপে কাম কৰিছিল। ব্যতিক্রম গ্ৰুপৰ মুখ্য পৃষ্ঠপোষক ড° সৌমেন ভাৰতীয়াই মন্তব্য কৰে যে, ‘টাইমছ নেটৱৰ্ক আৰু ব্যতিক্রম গ্ৰুপৰ আয়োজিত জেমছ অৱ নর্থইষ্ট কেৱল এটা অনুষ্ঠান নহয় ই এক প্রগতিশীল আৰু আত্মনিৰ্ভৰশীল উত্তৰ-পূব গঢ় দিয়াসকলক চিনাক্ত আৰু উৎসাহিত কৰাৰ এক আন্দোলন। আমাৰ অঞ্চলৰ উদ্যোগীকৰণ আৰু সাংস্কৃতিক সমৃদ্ধিৰ মনোভাৱক উদযাপন কৰা এই মঞ্চ’ক প্রদান কৰি আমি গৌৰৱান্বিত।’ অনুষ্ঠানৰ আৰম্ভণিতে জলী মনি শইকীয়া’ৰ নেতৃত্বত অসমৰ চহকী ঐতিহ্য নৰহৰি বুঢ়া ভকতৰ সৃষ্টি ভোৰতাল নৃত্য প্রদর্শণ কৰে। ইয়াৰ পিছতে শ্রী বি কল্যাণ চক্রবর্তী, আই এ এছ, পদ্মশ্রী ডঃ ইলিয়াছ আলী; বিশিষ্ট গায়িকা মনীষা হাজৰিকা; অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া স্বপ্ননীল বৰুৱা; পদ্মশ্রী সূৰ্য্য কান্ত হাজৰিকা; অভিনেতা চেতনা দাস; অসমীয়া ঔপন্যাসিক আৰু সাহিত্যিক মণিকুন্তলা ভট্টাচার্য, অধ্যাপক ড° নাচিকেতা ত্রিপাঠী; এছ আৰ এম বি’ৰ সঞ্চালক নবীন ভুৱালকা; অধ্যাপক উষাৰঞ্জন ভট্টাচার্য; আৰু ড° সৌমেন ভাৰতীয়া’ক সম্মান জনোয়া হয়।
সন্ধিয়াৰ আকৰ্ষণ আছিল বঁটা প্রদান অনুষ্ঠান, য’ত ৩৬ গৰাকী ব্যতিক্রমী ব্যক্তি আৰু প্রতিষ্ঠানক বিভিন্ন ক্ষেত্রত আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে টাইমছ নেটৱৰ্কৰ দ্বাৰা ‘জেমস অফ নর্থইষ্ট’ হিচাপে সন্মানিত কৰা হয়। বঁটাপ্ৰাপকসকলৰ ভিতৰত আছে শিক্ষাৰ ক্ষেত্ৰত অসাধাৰণ অৱদান’ৰ বাবে নেৰিম গ্রুপ অৱ ইনষ্টিটিউচন’ৰ সঞ্চালিকা অধ্যাপিকা ড° সংগীতা ত্রিপাঠী; পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষমতাৰ ক্ষেত্ৰত উৎকৃষ্টতা’ৰ বাবে পৰিৱেশ উপদেষ্টা আৰু ই আই এ বিশেষজ্ঞ নবব্রত ভট্টাচার্য, প্ৰেৰণাদায়ক ব্যৱসায়িক নেতা’ৰ বাবে ডাটামেচনৰ চিইঅ’ পৱন কুমাৰ আগৰৱালা; চলিত বৰ্ষৰ অসাধাৰণ শিক্ষাবিদ’ৰ বাবে ছাই বিকাশ গ্রুপ অব ইনষ্টিটিউচনৰ সঞ্চালক পি.এছ. ৰেষ্ট্ৰী; কৰ্পৰেট আৰু সামাজিক দায়বদ্ধতাত উৎকৃষ্টতা’ৰ বাবে চিএমডি এন.কে. শক্তি আৰু আন্তঃগাঁথনি প্রাইভেট লিমিটেড নিপন কুমাৰ তালুকদাৰ; বিশ্ববিদ্যালয় আৰু শৈক্ষিক নেতৃত্ব নিৰ্মাণৰ অগ্রণী’ৰ বাবে ত্ৰিপুৰাৰ আইচিএফএআই বিশ্ববিদ্যালয়ৰ উপাচার্য ড° বিপ্লৱ হালদাৰ; আতিথ্য উদ্যোগৰ অসাধাৰণ নেতা’ৰ বাবে আইএইচচিএল’ৰ এৰিয়া সঞ্চালক জয়ন্ত দাস; চলিত বৰ্ষত অসাধাৰণ শিক্ষাবিদ’ৰ বাবে জ্ঞান এডুকেচনেল ট্রাষ্ট’ৰ সভাপতি জয়শ্রী ঘোষ; বর্ষসেৰা অসাধাৰণ সাহিত্যিক বোর্ড’ৰ বাবে বিশিষ্ট ঔপন্যাসিক আৰু কবি শঙ্খশুভ্র দেববর্মন; আন্তঃগাঁথনি খণ্ডত অসাধাৰণ অৱদান’ৰ বাবে এছ আৰ এম বি নবীন ভূৱালকা; সামাজিক চলচ্চিত্র নির্মাণ আৰু মহিলা সবলীকৰণত উৎকৃষ্টতা’ৰ চলচ্চিত্র প্রযোজক আৰু অধিবক্তা জুনমনি দেরী খাউণ্ড; সংগীতৰ প্ৰতি অসাধাৰণ অৱদান’ৰ বাবে সংগীতজ্ঞ আৰু গীতিকাৰ লু মাজাউ; কান্ট্রি মেনেজাৰ ইণ্ডিয়া, গ্ল’বেল এডুকেচন এন্ড ইনোভেচনত উৎকৃষ্টতা’ৰ বাবে একাডেমিক আমেৰিকা অভিক দত্ত; আইকনিক বাস্তু আৰু বৰ্ষসেৰা সংখ্যাবিজ্ঞানী’ৰ বাবে সংখ্যাবিজ্ঞানী অর্চনা বর্মন; এক্সেলেন্স ইন অর্থপেডিক চাৰ্জাৰী’ৰ বাবে অর্থপেডিক চাৰ্জন আৰু প্রাইম মেডিকেল চেণ্টাৰ, হোজাই প্রতিষ্ঠাপক ড° ৰাকেশ দাস; বিমান পৰিবহণৰ ক্ষেত্ৰত অসাধাৰণ অৱদান’ৰ বাবে জেটউইংছ এয়াৰৱেজৰ সহ-প্রতিষ্ঠাপক, এমডি এন্ড চিইঅ’ সঞ্জয় আদিত্য সিং; গেষ্ট্ৰ’এণ্টেৰ’লজীত উৎকৃষ্টতা’ৰ বাবে গুৱাহাটীৰ গেষ্ট্ৰ’চিটিৰ সঞ্চালক আৰু মুখ্য পৰামৰ্শদাতা ড° সোবৰ উদ্দিন আহমেদ; উদ্যোগীকৰণৰ ক্ষেত্ৰত অসাধাৰণ উৎকৃষ্টতা’ৰ বাবে এভ্রিডে ছল্ট’ৰ পৰিচালন সঞ্চালক ড°নৰেশ জৈন; উদ্ভাৱন আৰু সামাজিক পোষকতাত উৎকৃষ্টতা’ৰ বাবে অধিবক্তা সোহেলী শীল চৰকাৰ; শিক্ষাৰ ক্ষেত্ৰত উৎকৃষ্টতা’ৰ বাবে গুৱাহাটীৰ চিবিএছই সঞ্চালক আৰু আঞ্চলিক বিষয়া অৱসৰপ্ৰাপ্ত কে. কে. চৌধুৰী; Ccellence in Culinary Art & Education’ৰ বাবে ONLY CHEF_ The School of Culinary Art অমিতাভ দত্ত; বর্ষসেৰা অসাধাৰণ চাৰ্জন’ৰ বাবে জ্যেষ্ঠ পৰামৰ্শদাতা ৰবটিক চার্জন, এজিল এণ্ড মিডলেও হাস্পতাল প্রতিষ্ঠাপক ডাঃ মহিবুল ইছলাম; বর্ষসেৰা অসাধাৰণ বহুমুখী অভিনেতা’ৰ বাবে অভিনেতা উর্মিলা মহন্ত; কার্ডিয়াক চাৰ্জাৰীৰ অগ্রণী’ৰ বাবে গুৱাহাটী হেল্থ চিটি হস্পিতাল চিএমডি ডাঃ ভবানন্দ দাস; স্বাস্থ্যসেৱা আৰু চিকিৎসালয় ব্যৱস্থাপনাত উৎকৃষ্টতা’ৰ বাবে জেষ্টমেড হেল্থ প্রাইভেট লিমিটেড’ৰ সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া মিন্টু ৰঞ্জন দত্ত; স্পীড আৰ্টৰ ক্ষেত্ৰত অসাধাৰণ অৱদান’ৰ বাবে স্পীড আর্টিষ্ট ৰবীন বাৰ; হেণ্ডলুম বয়নত অসাধাৰণ অৱদান’ৰ বাবে এভিএ ক্রিয়েচনছ ছ’চিয়েল ইমপেক্ট ফাউণ্ডেশ্যন চিএমডি অনু মণ্ডল; বর্ষসেৰা অসাধাৰণ বহুমুখী ব্যক্তিত্ব’ৰ বাবে কবি অশোক চক্রবর্তী; শৈক্ষিক আৰু সামাজিক প্ৰভাৱত যুৱ অর্জন’ৰ বাবে ছাত্রী হুমা আবিয়া কান্তা; অসাধাৰণ মানৱীয় সেৱা’ৰ বাবে লায়ন্স’ৰ জিলা ৰাজ্যপাল ৩২২জি পংকজ পোদ্দাৰ; মনো জ্যোতিষ আৰু তান্ত্রিক কলাৰ উৎকৃষ্ঠতা’ৰ তান্ত্রিক আৰু আধ্যাত্মিক নেত্রী সঞ্চিতা চক্ৰৱৰ্তী; উত্তৰ-পূব ভাৰতৰ অসাধাৰণ উদীয়মান বিশ্ববিদ্যালয়’ৰ বাবে আইচিএফএআই বিশ্ববিদ্যালয়, ত্ৰিপুৰা; উচ্চ শিক্ষাৰ বাবে অসাধাৰণ প্ৰতিষ্ঠান নেৰিম গ্রুপ অৱ ইনষ্টিটিউচনছ, গুৱাহাটী; কেৰিয়াৰ কাউন্সেলিং আৰু মেণ্টৰশ্বিপত উৎকৃষ্টতা’ৰ বাবে কেৰিয়াৰ কাউন্সেলাৰ কৌশিক দেৱ; ভাৰতীয় শাস্ত্রীয় আৰু সংযোজন সংগীতত উৎকৃষ্টতা’ৰ বাবে গায়িকা অভিশ্রুতি বেজবৰুৱা; চলিতবৰ্ষত অসাধাৰণ সামাজিক কর্মী’ৰ বাবে সামাজিক কর্মী অমৰেশ ৰয়।
কাৰ্যসূচীৰ সামৰণি পৰে এক অন্তর্দৃষ্টিসম্পন্ন পেনেল আলোচনাৰে যিয়ে শিক্ষাৰ বিকাশশীল পৰিৱেশ আৰু আজিৰ সমাজত কৃত্রিম বুদ্ধিমত্তাৰ ক্রমবর্ধমান গুৰুত্বৰ সন্ধান কৰি উত্তৰ-পূবত উদ্ভাৱন-চালিত শিক্ষণ আৰ্হিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
এই সজীর অঞ্চলটোত ফুলি উঠা সমৃদ্ধিশালী প্রতিভা আৰু পৰিৱৰ্তনশীল প্রচেষ্টাৰ গৌৰৱময় প্রমাণ হিচাপে থিয় দিছে ‘জেমস অফ নর্থইষ্ট’ স্বীকৃতিৰ ৰেখা হিচাপে কাম কৰি আহিছে, উত্তৰ-পূৰ্বাঞ্চলৰ নেতা আৰু পৰিৱৰ্তনকাৰীৰ এক নতুন প্রজন্মক অনুপ্রাণিত কৰি আহিছে।