নিছান মটৰ ইণ্ডিয়াই নিজৰ গ্ৰাহকসকলৰ বাবে দেশজুৰি বিনামূলীয়া এচি পৰীক্ষণ শিবিৰ মুকলি কৰিছে, যাৰ ফলত নিছআনৰ গ্ৰাহক-প্ৰথম দৃষ্টিভংগী আৰু উচ্চ মানদণ্ডৰ সেৱাৰ প্ৰতি প্ৰতিশ্ৰুতি শক্তিশালী হৈছে। ভাৰতৰ সকলো ১২৩টা অনুমোদিত নিছান চাৰ্ভিছ ৱৰ্কশ্বপত এই বিশেষ সেৱা শিবিৰ ২০২৫ৰ ১৫ এপ্ৰিলৰ পৰা ১৫ জুনলৈ চলিব। এই পদক্ষেপে ডিলাৰৰ বিবেচনা অনুসৰি ১২ পইণ্টৰ এচি চেক-আপ আৰু বিনামূলীয়া গাড়ী টপ ৱাশ্বৰ লগতে শ্ৰমিক মাচুলত ১০% পৰ্যন্ত আৰু মূল্য সংযোজিত সেৱা(ভিএএছ)ত ১৫% পৰ্যন্ত ৰেহাইৰ ব্যৱস্থা কৰিছে। প্ৰশিক্ষিত পেছাদাৰীসকলে সৰ্বোত্তম সেৱা আৰু গ্ৰাহকৰ সন্তুষ্টি নিশ্চিত কৰিবলৈ নিছানৰ প্ৰকৃত স্পেয়াৰ পাৰ্টছ ব্যৱহাৰ কৰি সকলো পৰীক্ষা সম্পন্ন কৰিব।
গ্ৰাহকে নিছান ৱান এপ বা অফিচিয়েল ৱেবছাইট www.nissan.inৰ জৰিয়তে সহজেই এপইণ্টমেণ্ট বুকিং কৰিব পাৰিব। এই পদক্ষেপৰ উদ্দেশ্য হৈছে গ্ৰাহকৰ আনুগত্যক পুৰস্কৃত কৰাৰ লগতে গ্ৰীষ্মকালৰ পূৰ্বে বাহনৰ তত্বাৱধানৰ ব্যৱস্থা কৰা।
গুৱাহাটীতো বৰ্ধিত তাপমাত্ৰাই দক্ষ বাহন শীতল প্ৰণালীৰ চাহিদা বৃদ্ধি কৰিছে, স্থানীয় নিছান বাহনৰ গৰাকীসকলে এই পৰীক্ষা শিবিৰক আদৰণি জনাইছে। মহানগৰখনৰ সেৱা কেন্দ্ৰবোৰে বুকিং বৃদ্ধি হোৱাৰ আশা প্ৰকাশ কৰিছে, কিয়নো গ্ৰাহকসকলে সময়মতে আগবঢ়োৱা অফাৰৰ সুবিধা লৈ নিজৰ নিজৰ বাহনবোৰ গৰমৰ দিনবোৰৰ বাবে প্ৰস্তুত কৰে।