জল সুৰক্ষা আৰু জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ বাবে নিচানক প্ৰশংসা চিডিপিৰ

নিচান মটৰ কোম্পানী লিমিটেডে পুনৰবাৰ নিজৰ কৰ্প’ৰেট বহনক্ষমতাৰ ক্ষেত্ৰত আকৰ্ষণীয় দক্ষতা প্ৰদৰ্শন কৰি বিশ্ব পৰিৱেশ সম্পৰ্কীয় এনজিঅ’ চিডিপিৰ পৰা প্ৰশংসা লাভ কৰিছে। জল সুৰক্ষাৰ প্ৰতি অটল দায়বদ্ধতাৰ বাবে একেৰাহে পঞ্চম বছৰৰ বাবে নিছানে চিডিপিৰ প্ৰতিষ্ঠিত এ লিষ্টত এক প্ৰশংসনীয় স্থান লাভ কৰিছে। সমান্তৰালভাৱে জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানসমূহ প্ৰশমনৰ ক্ষেত্ৰত অট’মটিভ খণ্ডৰ অগ্ৰদূত ৰূপে নিজৰ সুখ্যাতি বজাই ৰাখিছে, যাৰ স্বীকৃতি স্বৰূপে একেৰাহে ১১ সংখ্যক বছৰৰ বাবেও এ-লিষ্টত স্থান লাভ কৰিছে।

কৰ্প’ৰেট পৰিৱেশ স্বচ্ছতাৰ বাবে গল্ড ষ্টেণ্ডাৰ্ড হিচাপে সামাজিকভাৱে গণ্য কৰা চিডিপিৰ জটিল মূল্যায়ন প্ৰক্ৰিয়াই জলবায়ু পৰিৱৰ্তন আৰু জল সুৰক্ষাৰ প্ৰত্যাহ্বানসমূহৰে মোকাবিলা কৰাৰ ক্ষেত্ৰত নিচানৰ সক্ৰিয় পদক্ষেপসমূহৰ প্ৰশংসা কৰে। এই পদক্ষেপসমূহৰ ভিতৰত নিচানে প্ৰত্যাহ্বানৰে যুঁজিবলৈ গঠন কৰা আভ্যন্তৰীণ গ্ল’বেল-এনভাৰোনমেণ্টেল মেনেজমেণ্ট কমিটি(পৰিৱেশ ব্যৱস্থাপনা সমিতি) আৰু আঞ্চলিক সমিতিসমূহক কৌশলগতভাৱে নিয়োগ কৰা অন্যতম।

জলবায়ু পৰিৱৰ্তন ইণ্ডেক্সৰ সৈতে বান্ধ খাই থকা নিচানৰ কাৰ্যকৰী ক্ষতিপূৰণ গাঁথনি(কম্পেনছেচন ষ্ট্ৰাকচাৰ)য়ে কৰ্প’ৰেট প্ৰশাসনৰ সৰ্বোচ্চ স্তৰত বহনক্ষমতাৰ প্ৰতি নিজৰ সমৰ্পণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তদুপৰি, প্ৰতিষ্ঠানটোৱে নিজৰ কাৰ্যকলাপৰ মাজেদি ২০৫০ চনৰ ভিতৰত শূন্য কাৰ্বন নিৰ্গমন(কাৰ্বন নিউট্ৰেলিটী) প্ৰাপ্ত কৰাৰ প্ৰতিশ্ৰুতিৰে পৰিৱেশক আগবঢ়াই লৈ যোৱাৰ প্ৰতি নিজৰ দৃঢ় প্ৰতিশ্ৰুতি আকৌ এবাৰ প্ৰদৰ্শন কৰিছে।এই বিষয়ে নিছানৰ মুখ্য কাৰ্যবাহী বিষয়া মাকোতো উচিদাই কয় যে, “মানুহৰ জীৱন সমৃদ্ধ কৰাৰ বাবে উদ্ভাৱনক আগুৱাই নিয়াৰ আমাৰ কৰ্পোৰেট উদ্দেশ্যৰ সৈতে সংযোজিত হৈ বহনক্ষমতাক আমি বিশেষভাৱে জোৰ দিছোঁ আৰু এই সন্দৰ্ভত ব্যৱসায়িক ৰণনীতি প্ৰস্তুত কৰি সমুখৰ পৰা নেতৃত্ব প্ৰদান কৰিছোঁ।” উচিদাই চিডিপিৰ স্বীকৃতি লাভ কৰাৰ বাবে নিছানৰ গৰ্বৰ কথা বিশেষভাৱে উল্লেখ কৰে আৰু বহনক্ষমতাৰ দিশত প্ৰতিষ্ঠানটোৰ বলিষ্ঠ পদক্ষেপৰ প্ৰতি কোম্পানীটোৰ অটল সমৰ্পণ নিশ্চিত কৰিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *