নিছান মটৰ ইণ্ডিয়াই জুন’২৪ ত ২১০৭ ইউনিটৰ ঘৰুৱা পাইকাৰী পঞ্জীয়ন কৰে

141

নিছান মটৰ ইণ্ডিয়াই ৰপ্তানি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছৰে পৰা ১.১ মিলিয়নখন বাহন ৰপ্তানিৰ মাইলৰ খুঁটি অতিক্ৰম কৰাৰ কথা সগৌৰৱে ঘোষণা কৰিছে। প্ৰতিষ্ঠানটোৰ এয়া এক গুৰুত্বপূৰ্ণ সাফল্য আৰু নিছানৰ ‘মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড’ দৰ্শনৰ প্ৰকৃত প্ৰতিফলন। ২০২৪ৰ ২৯ জুনত কোম্পানীটোৱে ১.১ মিলিয়নখন বাহন সফলতাৰে ৰপ্তানি কৰিবলৈ সক্ষম হৈছিল, নিছান মেগনাইটে তামিলনাডুৰ এন্নোৰ কামৰাজাৰ বন্দৰৰ জৰিয়তে ৰপ্তানি কৰি এই মাইলৰ খুঁটি অৰ্জন কৰিবলৈ সক্ষম হয়।

২০২৪ৰ জুন মাহত নিছান মটৰ ইণ্ডিয়াই সামগ্ৰিকভাৱে ১০,২৮৪খন পাইকাৰী বাহনৰ বিক্ৰীৰ তথ্য প্ৰকাশ কৰিছিল, য’ত বছৰ পিছত বছৰৰ ৭৬.৩% বৃদ্ধি আৰু মাহৰ পিছত মাহ ৬৫.৭% বৃদ্ধি প্ৰকাশিত হৈছে। ২০২৪ৰ জুন মাহত ৰপ্তানি পাইকাৰী ব্যৱসায়ত ৮১৭৭খন বাহন সফলতাৰে বিক্ৰী কৰিছিল, এই সময়ছোৱাত ৱাইঅ’ৱাই বৃদ্ধি ১৪৯% আৰু এমঅ’এম বৃদ্ধি ১০৪% আছিল। আনহাতে, ২০২৪ৰ জুন মাহত ঘৰুৱা পাইকাৰী বিক্ৰী হৈছিল ২১০৭ ইউনিট। নিছান মটৰ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক সৌৰভ বৎসই এই বিষয়ে কয় যে, “এই গৌৰৱময় আৰু উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰাৰ বাবে আমি সমগ্ৰ টীমটোক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।”

নিছানৰ দ্বাৰা পৰিচালিত মেগনাইট আৰু ছান্নি মডেলে ৰপ্তানি ব্যৱসায়ত এক উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰিছে। এই মাইলৰ খুঁটিৰ জৰিয়তে ভাৰত আৰু প্ৰধান বজাৰসমূহত নিছান বাহনৰ অতুলনীয় চাহিদাৰ কথা প্ৰতিফলিত হৈছে। নিছানৰ ৰপ্তানি কৌশল আৰু সামৰ্থই সমগ্ৰ বিশ্বৰ বিভিন্ন দেশৰ গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণৰ ওপৰত প্ৰতিষ্ঠানটোৰ মনোযোগ প্ৰতিফলিত কৰিছে।