নিছান মটৰ ইণ্ডিয়াৰ জনপ্ৰিয় এছইউভি নতুন নিছান মেগনাইট এতিয়া চৰকাৰী অনুমোদিত চিএনজি ৰেট্ৰ’ফিটমেণ্ট সঁজুলিৰ সৈতে উপলব্ধ। দেশৰ নিয়ন্ত্ৰণ মানদণ্ড অনুসৰি মট’জেন(তৃতীয় পক্ষ)ৰ দ্বাৰা চিএনজি কিট সম্পূৰ্ণৰূপে বিকশিত, নিৰ্মিত আৰু গুণগত মান নিশ্চিত কৰা হৈছে। এই কিটৰ উপাদানৰ বাবে এতিয়াৰে পৰা মট’জেনে ৱাৰেণ্টী প্ৰদান কৰিব। এই পদক্ষেপে গ্ৰাহককেন্দ্ৰিক সমাধান প্ৰদান কৰাত মনোনিৱেশ কৰাটো পুনৰ এবাৰ প্ৰমাণিত হ’ল। এই কিটসমূহৰ ফিটমেণ্ট চৰকাৰী অনুমোদিত ফিটমেণ্ট চেণ্টাৰত কৰা হ’ব। সম্পূৰ্ণ ৰেট্ৰ’ফিটমেণ্ট কেৱল ৭৪,৯৯৯ টকাৰ প্ৰাৰম্ভিক অতিৰিক্ত মূল্যত উপলব্ধ হ’ব। বহনক্ষমতা সচেতন আৰু পৰিৱেশ সচেতন গ্ৰাহকৰ বাবে এই পৰিৱেশ-অনুকূল চিএনজি কিট ফিটমেণ্ট সমগ্ৰ দেশতে পৰ্যায়ক্ৰমে মুকলি কৰা হ’ব।
প্ৰথম পৰ্যায়ত নিছানৰ গ্ৰাহকে ৭খন ৰাজ্যৰ নিছানৰ অনুমোদিত ডিলাৰশ্বিপৰ জৰিয়তে চিএনজি কিট স্থাপনৰ অৰ্ডাৰ দিব পাৰিব, এইসমূহ হৈছে দিল্লী-এনচিআৰ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট, কেৰালা, আৰু কৰ্ণাটক। নিছান মটৰ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক সৌৰভ বৎসই এই বিষয়ে সদৰি কৰি কয় যে, “নতুন নিছান মেগনাইট আমাৰ বাবে এক অসাধাৰণ বাহন হৈ পৰিছে আৰু ভাৰতত সফলতাৰ কাহিনীৰ নেতৃত্ব দিছে।” নতুন মেগনাইট এছইউভিৰ বলিষ্ঠ আৰু ষ্টাইলিছ ডিজাইন, ২০+ প্ৰথম আৰু শ্ৰেণীৰ সৰ্বোত্তম বৈশিষ্ট্য আৰু ৫৫+ সুৰক্ষা বৈশিষ্ট্যই ইয়াক সংপৃক্ত এছইউভি ছেগমেণ্টত এক অতুলনীয় পছন্দ কৰি তুলিছে।
বাহনখনৰ বলিষ্ঠ পথ উপস্থিতি, প্ৰিমিয়াম সুবিধাসমূহ আৰু বিশ্বব্যাপী প্ৰসাৰ সম্প্ৰসাৰণেৰে নতুন নিছান মেগনাইট এতিয়া ৰাইট-হেণ্ড ড্ৰাইভ আৰু লেফ্ট-হেণ্ড ড্ৰাইভ দুয়ো ধৰণৰ বজাৰতে পৃথিৱীৰ ৬৫খনতকৈও অধিক দেশত নিজৰ উপস্থিতি সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। নিছানৰ অনন্য সুবিধাসমূহ: ১) নিছানে ভাৰতৰ প্ৰতি সম্পূৰ্ণৰূপে দায়বদ্ধ হৈ আছে, ২) নিছানৰ এটা শক্তিশালী আৰু ভৱিষ্যতৰ বাবে সাজু বাহন সূচী আছে, আৰু ৩) নিছানে নিজৰ ব্যৱসায় আৰু সমৃদ্ধিৰ লক্ষ্যত উপনীত হোৱাৰ পথত আগবাঢ়িছে।