নিছানে ভাৰতৰ বাবে অল-নিউ এক্স-ট্ৰেইল এছইউভি উন্মোচন কৰিছে

138

নিছান মটৰ ইণ্ডিয়াই ভাৰতত সম্পূৰ্ণ নতুন নিছান এক্স-ট্ৰেইলৰ জৰিয়তে চিবিইউ ব্যৱসায় নতুনকৈ মুকলি কৰাৰ কথা ঘোষণা কৰিছে, এই শুভাৰম্ভণিৰ জৰিয়তে দেশৰ প্ৰিমিয়াম আৰ্বান এছইউভিত এক নতুন বেঞ্চমাৰ্ক স্থাপন কৰিলে নিছানে। নিছান অনুৰাগীসকলৰ বাবে একচেটিয়াভাৱে আগবঢ়োৱা নিছান এক্স-ট্ৰেইল বাহনখন হৈছে লিজা ‘মেড ইন জাপান’ৰ ফৰ্থ জেনেৰেচন বাহন। শেহতীয়াকৈ মুকলি কৰা বাহনখন পৰিশোধিত ড্ৰাইভিং অভিজ্ঞতা বিচৰা গ্ৰাহকসকলৰ বাবে ডিজাইন আৰু ডেলিভাৰীৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে, লগতে ডিজাইন আৰু অভিযান্ত্ৰিক দিশসমূহত জাপানী কাৰুকাৰ্যৰ লগতে বাহনখনৰ স্থানসমূহ ব্যৱহাৰৰ ক্ষেত্ৰত উচ্চ বহুমুখীতাৰ বাবে উচ্চ প্ৰশংসিত হৈছে। নিছানৰ যোৱা দুই দশকৰ শক্তিশালী এছইউভি ডিএনএ আৰু সমৃদ্ধ ইতিহাসক সাৰথি কৰি চতুৰ্থ প্ৰজন্মৰ এক্স-ট্ৰেইল বাহনখনে ভাৰতত নিছানৰ চিবিইউ (সম্পূৰ্ণভাৱে প্ৰস্তুত বাহন) ব্যৱসায় পুনৰ আৰম্ভ কৰিছে, যি গ্ৰাহক-প্ৰথম দৃষ্টিভংগীক আগত ৰাখি প্ৰস্তুত কৰিছে। বৰ্তমান বিশ্বৰ ১৫০খনতকৈও অধিক বজাৰত উপলব্ধ নিছান এক্স-ট্ৰেইলে আৰম্ভণিৰ পৰাই বিশ্বজুৰি ৭.৮ মিলিয়নতকৈ অধিক এক্স-ট্ৰেইলৰ বিক্ৰীৰে আকৰ্ষণীয় মাইলৰ খুঁটি অৰ্জন কৰিবলৈ সক্ষম হৈছে।

এতিয়া ভাৰতত উপলব্ধ ফৰ্থ জেনেৰেচন নিছান এক্স-ট্ৰেইল, যিখন বাহন ২০২৩ চনত সমগ্ৰ বিশ্বৰ ভিতৰত শীৰ্ষ ৫খন সৰ্বাধিক বিক্ৰী হোৱা এছইউভিৰ অন্যতম। নিছানৰ প্ৰকৃত এছইউভি ডিএনএক প্ৰতিফলিত কৰা এক্স-ট্ৰেইলত ছেগমেণ্টৰ প্ৰথম বৈশিষ্ট্যসমূহ যেনে ৩১.২ চে.মি. হাই ৰিজ’ল্যুচন এডভান্সড ড্ৰাইভাৰ ডিছপ্লে, আৰ২০ ডাইমণ্ড কাট এলয়যুক্ত চকা ইত্যাদি অন্তৰ্ভুক্ত কৰা হৈছে। এক্স-ট্ৰেইলে একাধিক কনফিগাৰেচনত এক অতুলনীয় আৰু অভিযোজনযোগ্য ৭খন আসনৰ লেআউটৰ সৈতে অতুলনীয় বহুমুখীতা, ৰুমিনেছ আৰু আৰাম প্ৰদান কৰিছে আৰু দ্বিতীয় আৰু তৃতীয় শাৰীৰ আসনত সহজে প্ৰৱেশ/প্ৰস্থানৰ বাবে ছেগমেণ্টৰ ভিতৰতে সৰ্বোত্তম ৮৫-ডিগ্ৰী পিছফালৰ দুৱাৰ খোলাৰ সুবিধা সংযুক্ত কৰা হৈছে। ২৬ জুলাইত মুকলি হ’বলগীয়া এক্স-ট্ৰেইলৰ বুকিং ১ লাখ টকাত কৰিব পাৰিব গ্ৰাহকসকলে, ২০২৪ চনৰ আগষ্টৰ পৰা আৰম্ভ হ’ব ডেলিভাৰী। বাহনখন ৩টা ৰং: ডাইমণ্ড ব্লেক, পাৰ্ল হোৱাইট, চেম্পিয়ন ছিলভাৰ ৰঙত উপলব্ধ।

নিছান ইণ্ডিয়া অপাৰেচনৰ অধ্যক্ষ তথা এমআইইঅ’ অঞ্চলৰ বিজনেছ ট্ৰেন্সফৰ্মেচন শাখাৰ উপাধ্যক্ষ ফ্ৰেংক টৰেছে এই বিষয়ে কয় যে, “ভাৰত হৈছে নিছানৰ বাবে অন্যতম আশাব্যঞ্জক-সম্ভাৱনাপূৰ্ণ বজাৰ। সেয়েহে নিছানৰ গ্লবেল ষ্ট্ৰেটেজীত সদায়ে ভাৰতে বিশেষ স্থান দখল কৰি আহিছে। সম্পূৰ্ণ নতুন ফৰ্থ জেনেৰেচন নিছান এক্স-ট্ৰেইলৰ আনুষ্ঠানিক মুকলিয়ে ভাৰতত ব্ৰেণ্ডটোৰ বাবে চিবিইউ ব্যৱসায়ক ন ৰূপত সংজ্ঞায়িত কৰিলে।”