নিছান মটৰ ইণ্ডিয়াই পৰিৱেশ পৰিচালনাৰ প্ৰতি দীৰ্ঘম্যাদী দায়বদ্ধতাক শক্তিশালী কৰি কেইবাটাও কাৰ্যসূচীৰে প্ৰভাৱশালী বহনক্ষমতাৰ পদক্ষেপেৰে বিশ্ব পৰিৱেশ দিৱস ২০২৫ উদযাপন কৰে। প্ৰতিষ্ঠানটোৱে বৰোদা, মেহছানা, কেৰালা (তিনিটা স্থান), জলন্ধৰ, জয়পুৰকে ধৰি ৭টা ডিলাৰশ্বিপত সৌৰশক্তিৰ ব্যৱস্থা স্থাপন কৰিছে। এই ব্যৱস্থাসমূহে এতিয়া ডিলাৰশ্বিপৰ সকলো কামৰ বাবে প্ৰয়োজনীয় ১০০% শক্তি প্ৰদান কৰে, উদ্বৃত্ত শক্তিক গ্ৰীডলৈ পুনৰ নিৰ্দেশিত কৰাৰো ব্যৱস্থা আছে। পৰিচালন সঞ্চালক সৌৰভ বৎসই এই পদক্ষেপৰ কথা সদৰি কৰি কয় যে, “আজি আমাৰ পদক্ষেপসমূহে কাইলৈৰ বিশ্বক গঢ় দিছে। নিছানত বহনক্ষমতা এক প্ৰদান দৰ্শন, যিয়ে আমাক পৰিৱেশৰ প্ৰভাৱ আৰু সম্পদৰ ব্যৱহাৰ হ্ৰাস কৰাৰ দিশত পথ প্ৰদৰ্শন কৰে।”
৫ জুনত নিছানে নিজৰ সমগ্ৰ দেশজুৰি থকা সকলো ডিলাৰশ্বিপ আৰু কৰ্মশালাতে গছপুলি ৰোপণ অভিযানৰ আয়োজন কৰে, গ্ৰাহকসকলক নিজৰ নাম আৰু বাহনৰ নম্বৰ টেগ কৰা গছপুলি ৰোপণ কৰিবলৈ আমন্ত্ৰণ জনাইছিল। প্ৰতিজন অংশগ্ৰহণকাৰীয়ে অধিক সেউজকৰণৰ প্ৰচেষ্টাক অনুপ্ৰাণিত কৰিবলৈ সেউজ সেৱাৰ প্ৰমাণপত্ৰ আৰু বীজৰ পেকেটো লাভ কৰে। নিছানে প্লাষ্টিক পেকেজিঙৰ ব্যৱহাৰো ১৫% হ্ৰাস কৰিছে আৰু ৭খন ৰাজ্যৰ পৰিৱেশ সচেতন গ্ৰাহকক লক্ষ্য কৰি নতুন মেগনাইটৰ বাবে চৰকাৰী অনুমোদনপ্ৰাপ্ত চিএনজি ৰেট্ৰ’ফিটমেণ্ট কিট ৭৪,৯৯৯ টকাত ক্ৰয়ৰ বাবে মুকলি কৰিছে।
গুৱাহাটী মহানগৰীতো সেউজ গতিশীলতাৰ প্ৰতি গ্ৰাহকৰ ক্ৰমবৰ্ধমান আগ্ৰহ বৃদ্ধিৰ কথা উল্লেখ কৰি ডিলাৰসমূহে এই বহনক্ষমতাৰ পদক্ষেপক স্বাগতম জনাইছে। নিছান মেগনাইটৰ জনপ্ৰিয়তাৰ লগতে চিএনজি বিকল্প আৰু পৰিৱেশ অনুকূল সেৱাই অঞ্চলটোত বিক্ৰী আৰু গ্ৰাহকৰ সংযোগ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।