নিছানে ৰোমাঞ্চকৰ অফাৰ আৰু অভিজ্ঞতাৰ সৈতে ‘হেট্ৰিক কাৰ্নিভাল’ আৰম্ভ কৰিছে

নিছান মটৰ ইণ্ডিয়াই ২০২৫ চনৰ ১ তাৰিখৰ পৰা ৩০ এপ্ৰিললৈকে অব্যাহত থকা দেশজোৰা সীমিত সময়ৰ অফাৰ হেট্ৰিক কাৰ্নিভেল মুকলি কৰাৰ কথা ঘোষণা কৰিছে, যি সমগ্ৰ ভাৰতৰ গ্ৰাহকসকলৰ বাবে চলিত ক্ৰিকেট ছিজনৰ চমকপ্ৰদ শক্তি আৰু নৱৰাত্ৰিৰ উৎসৱৰ মনোভাৱ কঢ়িয়াই আনিছে। এই অনন্য অভিযানে সুবিধাৰ হেট্ৰিক প্ৰদান কৰে, যাৰ ফলত ঘৰলৈ নিছান বাহন এখন লৈ যোৱাৰ এয়াই সৰ্বোত্তম সময়।

এই পদক্ষেপৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে নিছান মটৰ ইণ্ডিয়াই ডিজিটেল, ছপা মাধ্যম, প্ৰভাৱশালী ব্যক্তি(ইনফ্লুৱেঞ্চাৰ) আৰু অ’অ’এইচত ৩৬০ ডিগ্ৰীৰ মিডিয়া অভিযান আৰম্ভ কৰিছে, যাৰ জৰিয়তে সৰ্বাধিক দৃশ্যমানতা আৰু নিয়োজিততা নিশ্চিত কৰা হৈছে। নিছানৰ হেট্ৰিক কাৰ্নিভেল-এ এই ক্ৰিকেট ছিজনৰ উত্তেজনাক গ্ৰাহকৰ টাচ্চপইণ্ট বা সেৱাকেন্দ্ৰলৈ কঢ়িয়াই আনিছে, যিয়ে দেশখনক একত্ৰিত কৰা খেলবিধক উদযাপন কৰাৰ সময়ত অধিক ৰিৱাৰ্ড(পুৰস্কাৰ)জনক আৰু স্মৰণীয় মালিকীস্বত্বৰ অভিজ্ঞতা প্ৰদান কৰে।

নৱৰাত্ৰীৰ উৎসৱমুখৰ উত্তেজনা আৰু দেশজুৰি অব্যাহত থকা ক্ৰিকেট জ্বৰৰ সৈতে নিছানে এই ছিজনৰ উত্তম উৎসৱমুখৰ সুবিধা আগবঢ়াইছে, যাৰ ফলত গ্ৰাহকে নিছানৰ ডিলাৰশ্বিপলৈ গৈ নিজৰ সপোনৰ গাড়ীখন ঘৰলৈ লৈ যোৱাৰ এক নিখুঁত সুযোগ হৈ পৰিছে। নিছান মটৰ ইণ্ডিয়াই ২০২৪-২৫ বিত্তীয় বৰ্ষত সামগ্ৰিকভাৱে ৯৯,০০০+ বাহন বিক্ৰীৰে ভাৰতত ধাৰাবাহিক আৰু বহনক্ষম বৃদ্ধি অব্যাহত ৰাখিছে, যিয়ে যোৱা ৭ বছৰৰ ভিতৰত একক বছৰৰ সৰ্বোত্তম প্ৰদৰ্শন আগবঢ়াইছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *