নিছান মটৰ ইণ্ডিয়াই সম্পূৰ্ণ নতুন নিছান মেগনাইট ইজেড-শ্বিফ্ট (অটোমেটেড মেনুৱেল ট্ৰেন্সমিছন)ৰ বাবে ২০২৩ৰ ৩০ নৱেম্বৰলৈকে কৰা সকলো বুকিঙৰ বাবে আগবঢ়াইছে এক পৰিচয়মূলক মূল্যৰ অফাৰ। ১০ অক্টোবৰত ৬,৪৯,৯০০ টকাৰ আগ্ৰাসী পৰিচয়মূলক মূল্যত মুকলি কৰা ইজেড-শ্বিফ্ট হৈছে ভাৰতৰ এতিয়ালৈকে মুকলি কৰা আটাইতকৈ সুলভ মূল্যৰ এছইউভি, য’ত ৫-স্পীড অটোমেটেড মেনুৱেল ট্ৰেন্সমিছন আছে, যিয়ে ক্লাচ-লেছ সহজ ড্ৰাইভিং প্ৰদান কৰে।
ইয়াত ডুৱেল ড্ৰাইভিং মোড, ইণ্টেলিজেণ্ট ক্ৰিপ ফাংচন, এণ্টি-ষ্টল আৰু কিক-ডাউন বৈশিষ্ট্য প্ৰদান কৰা হৈছে, আৰু ই এক্সই, এক্সএল, এক্সভি, এক্সভি প্ৰিমিয়াম ভেৰিয়েণ্ট আৰু শেহতীয়াকৈ মুকলি কৰা নিছান মেগনাইট কুৰো স্পেচিয়েল এডিছনত উপলব্ধ। নিছান মেগনাইট ইজেড-শ্বিফ্টৰ বাবেও নতুন ডুৱেল টোন ব্লু এণ্ড ব্লেক ৰঙো আগবঢ়োৱা হৈছে।
মেগনাইট ফেমিলীয়ে চাৰিটা পাৱাৰট্ৰেইন বিকল্পলৈ সম্প্ৰসাৰণ হ’ব, যাৰ ভিতৰত আছে ১.০ লিটাৰৰ নেচাৰেলী(প্ৰাকৃতিকভাৱে) এস্পিৰেটেড ইঞ্জিনত মেনুৱেল আৰু ইজেড-শ্বিফ্ট আৰু ১.০ লিটাৰ টাৰ্বো ইঞ্জিনত মেনুৱেল এণ্ড চিভিটি। ২০২০ৰ ডিচেম্বৰ মাহত মুকলি কৰা মেগনাইটে জাপানত ডিজাইন আৰু ভাৰতত উৎপাদন কৰি নিছান মটৰ ইণ্ডিয়াৰ উৎপাদন দৰ্শন ‘মেক-ইন-ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড’ৰ উদাহৰণ দাঙি ধৰিছে। বিগ, বল্ড আৰু বিউটিফুল নিছান মেগনাইটক বিশ্বব্যাপী সম্প্ৰসাৰিত ১৫খন বজাৰলৈ ৰপ্তানি কৰা হয়। শেহতীয়াকৈ ছিচেলছ, বাংলাদেশ, উগাণ্ডা আৰু ব্ৰুনেইতো মুকলি কৰা হৈছে।