নিছান ইণ্ডিয়াৰ মে’ মাহত পাইকাৰী বিক্ৰী ৬২০৪ ইউনিটলৈ বৃদ্ধি, যিয়ে প্ৰতিফলিত কৰিছে বজাৰৰ শক্তিক

111

নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে(এনএমআইপিএল) ২০২৪ৰ মে’ মাহত ৬২০৪ ইউনিট পাইকাৰী বিক্ৰীৰ পৰিসংখ্যা প্ৰকাশ কৰিছে, যিয়ে ২০২৪ৰ এপ্ৰিল মাহত ৩০৪৩ ইউনিটৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে। ২০২৩ চনৰ মে’ মাহৰ বিক্ৰীৰ তুলনাত নিছান মটৰ ইণ্ডিয়াই ৩৪% লাভ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে আৰু মুঠ বিক্ৰী ২০২৩ চনৰ মে’ মাহত ৪৬৩১ ইউনিটৰ পৰা বৃদ্ধি পাই ২০২৪ চনৰ মে’ মাহত ৬২০৪ ইউনিট হৈছেগৈ। ২০২৪ চনৰ মে’ মাহত ঘৰুৱা পাইকাৰী বিক্ৰী ২২১১ ইউনিট হৈছিল, ২০২৪ চনৰ এপ্ৰিল মাহত ২৪০৪ ইউনিট আৰু ২০২৩ চনৰ মে’ মাহত ২৬১৮ ইউনিট আছিল।

২০২৩ৰ মে’ মাহত ৩,৯৯৩খন বাহন ৰপ্তানি কৰিবলৈ সক্ষম হৈছিল, যিয়ে ২০২৩ চনৰ এপ্ৰিল মাহত ৬৩৯ ইউনিট বিক্ৰী আৰু ২০২৩ চনৰ মে’ মাহত ২০১৩ ইউনিটৰ তুলনাত যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। এই সফলতাৰ বিষয়ে উত্সাহ প্ৰদৰ্শন কৰি নিছান মটৰ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক সৌৰভ বৎসই কয় যে, “আমি প্ৰতিটো পদক্ষেপতে আমাৰ গ্ৰাহকৰ আশাক অতিক্ৰম কৰিবলৈ চেষ্টা কৰাৰ সময়ত ভাৰতীয় বজাৰত আমাৰ প্ৰসাৰতা আৰু অধিক সম্প্ৰসাৰণৰ লগে লগে নিছানৰ অফাৰসমূহ বৃদ্ধিৰ বাবে উৎসৰ্গিত।”

২০২০ৰ ডিচেম্বৰত মুকলি কৰা নিছান মটৰ ইণ্ডিয়াৰ মেগনাইটে ভাৰতৰ লগতে বিদেশত ১,৪০,০০০তকৈও অধিক ইউনিট বাহন বিক্ৰী কৰিবলৈ সক্ষম হৈছে, যিয়ে ‘মেক-ইন-ইণ্ডিয়া, মেক ফৰ দা ৱৰ্ল্ড’ নিৰ্মাণ দৰ্শন প্ৰদৰ্শন কৰাই নহয় লগতে দক্ষ ভাৰতীয় উৎপাদনৰ সৈতে জাপানৰ ডিজাইনৰ উৎকৰ্ষতা মিশ্ৰণ কৰিছে।