নিছান মটৰ ইণ্ডিয়াই ২০২৪ চনৰ ডিচেম্বৰ মাহত মুঠ ১১,৬৭৬খন পাইকাৰী বাহন ৰপ্তানিৰে এতিয়ালৈকে সৰ্বোত্তম বিক্ৰী প্ৰদৰ্শন পঞ্জীয়ন কৰি ঐতিহাসিক মাইলৰ খুঁটিত উপনীত হৈছে। ২০২৪ চনৰ অক্টোবৰ মাহত মুকলি কৰা নতুন নিছান মেগনাইট এছইউভিখন ক্ৰয়ৰ বাবে ১০,০০০ৰো অধিক বুকিং লাভ কৰিছে। বিদায়ী কেলেণ্ডাৰ বৰ্ষত মুঠ ৯১,১৮৪ ইউনিট বিক্ৰী হোৱাৰ সমান্তৰালভাৱে ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ উভয়তে নিছানৰ চাহিদা অব্যাহত আছে। ডিচেম্বৰ মাহত ৰপ্তানিৰ সংখ্যা ৯,৫৫৮ ইউনিট হৈছেগৈ, যি বছৰৰ পিছত বছৰ ধৰি ৭২% উল্লেখযোগ্য বৃদ্ধি হৈছে, আনহাতে ঘৰুৱা বিক্ৰী ২,১১৮খন হৈছিল। বিত্তীয় বৰ্ষ ২৪ত ৰপ্তানিৰ প্ৰদৰ্শন ৬৩% বৃদ্ধি হৈছিল, শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাত প্ৰৱেশকে ধৰি ৬৫খনতকৈও অধিক দেশত ব্ৰেণ্ডটোৰ সফলতাত মেগনাইটে মূল অৰিহণা যোগাইছে।
ভাৰতত নিছানৰ বিকাশৰ ৰণনীতিত নিজৰ ডিলাৰশ্বিপ নেটৱৰ্ক সম্প্ৰসাৰিত কৰাটো অন্তৰ্ভুক্ত আছে, চলিত বিত্তীয় বৰ্ষৰ শেষলৈ ৩০০ টাচ্চপইণ্টত উপনীত হোৱাৰ পৰিকল্পনা কৰা হৈছে। নিছান মটৰ ইণ্ডিয়াৰ পৰিচালনা সঞ্চালক সৌৰভ বৎসই এই কথা সদৰি কৰি কয় যে, “মূল্য প্ৰদানৰ প্ৰতি আমাৰ দায়বদ্ধতা নিছানৰ সম্প্ৰসাৰিত উপস্থিতি আৰু বাহনসমূহৰ প্ৰতি গ্ৰাহকৰ আস্থাত প্ৰতিফলিত হৈছে।”
গুৱাহাটীবাসীয়েও নতুন নিছান মেগনাইটক যথেষ্ট আদৰি লৈছে, যিয়ে নিছানৰ অফাৰসমূহৰ ওপৰত গ্ৰাহকৰ বৰ্ধিত আস্থা প্ৰতিফলিত কৰিছে। নিছাৰ আড়ম্বৰপূৰ্ণ ডিজাইন আৰু অত্যাধুনিক বৈশিষ্ট্যৰ সৈতে এছইউভিখনে গুৰুত্বপূৰ্ণ আগ্ৰহ সৃষ্টি কৰিছে, যি অঞ্চলটোত ব্ৰেণ্ডটোৰ শক্তিশালী বিক্ৰীত অৰিহণা যোগাইছে।