নিমহান্সক WHOৰ ২০২৪ৰ নেলচন মেণ্ডেলা স্বাস্থ্য প্ৰচাৰ বঁটা

104

ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য আৰু স্নায়ু বিজ্ঞান প্ৰতিষ্ঠান (নিমহান্স), বেংগালুৰুক বিশ্ব স্বাস্থ্য সংস্থাই ২০২৪ চনৰ নেলচন মেণ্ডেলা স্বাস্থ্য প্ৰচাৰ বঁটা প্ৰদান কৰিছে। নিমহান্স হৈছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ অধীনত ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান। বিশ্ব স্বাস্থ্য সংস্থাই ২০১৯ চনত নেলচন মেণ্ডেলা স্বাস্থ্য প্ৰচাৰ বঁটা প্ৰতিষ্ঠা কৰিছিল, যি স্বাস্থ্য প্ৰচাৰৰ ক্ষেত্ৰত এক অসামান্য অৱদান আগবঢ়োৱা ব্যক্তি, প্ৰতিষ্ঠান আৰু/বা চৰকাৰী বা বেচৰকাৰী সংগঠনবোৰক এক স্বীকৃতি প্ৰদান কৰে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই এই বঁটা লাভ কৰাৰ বাবে বেংগালুৰুৰ ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য আৰু স্নায়ু বিজ্ঞান প্ৰতিষ্ঠানক অভিনন্দন জনায় আৰু কয় যে ই হৈছে সামগ্ৰিক স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰচেষ্টাৰ স্বীকৃতি। কেন্দ্ৰীয় স্বাস্থ্য সচিব অপূৰ্ব চন্দ্ৰইও নিম্হান্সক অভিনন্দন জনায় আৰু মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত ভাৰতৰ প্ৰচেষ্টা আৰু অগ্ৰণী কামক স্বীকৃতি দিয়াত আনন্দ প্ৰকাশ কৰে। নিমহান্সৰ সঞ্চালক ডা: প্ৰতিমা মূৰ্তিয়ে কয়, আমাৰ প্ৰতিষ্ঠানগত যাত্ৰাৰ এই পৰ্যায়ত এই সন্মানীয় নেলছন মেণ্ডেলা স্বাস্থ্য প্ৰচাৰ বঁটা লাভ কৰি আমি অত্যন্ত গৌৰৱান্বিত।