নিউয়ৰ্ক ইনষ্টিটিউট অফ ফেশ্বনে সমগ্ৰ ভাৰতত ইয়াৰ শিক্ষাৰ্থীসকলক অভূতপূৰ্ব এক্সপোজাৰ প্ৰদান কৰে

নিউয়ৰ্ক ইনষ্টিটিউট অৱ ফেশ্বন(এন আই এফ গ্ল’বেল)-এ ২০২৪ চনৰ ১৪ নৱেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈ এক বিশেষ ফেশ্বন ছিৰিজ মুকলি কৰিছে, এই ছিৰিজৰ জৰিয়তে সমগ্ৰ ভাৰতৰ ছাত্ৰ-ছাত্ৰীসকলক আগশাৰীৰ গ্লবেল ফেশ্বন বিশেষজ্ঞৰ সৈতে প্ৰত্যক্ষভাৱে যোগাযোগৰ সুবিধা প্ৰদান কৰি নিজৰ ডিজাইনক নতুন মাত্ৰা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। মাহজোৰা এই অনুষ্ঠানত নিউয়ৰ্ক আৰু লণ্ডনৰ বিশিষ্ট ব্যক্তিসকলে ডিজাইন, বহনক্ষমতা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত অমূল্য অন্তৰ্দৃষ্টি আৰু ব্যৱহাৰিক অভিজ্ঞতা প্ৰদান কৰিব।

বিয়ন্সেৰ দৰে গ্ল’বেল আইকনৰ ষ্টাইলিষ্ট এমা কেনেডী আৰু ফেশ্বনৰ বাবে এআই সংহতি বিশেষজ্ঞা কাৰ্লা পাজৰ দৰে বিশ্ববিখ্যাত পেছাদাৰীয়ে শিক্ষাৰ্থীসকলক মেণ্টৰিং কৰি আছে। বহনক্ষম ষ্টাইল পদ্ধতিৰ বাবে উদযাপিত কিটি লাইল আৰু বিশ্ববিশ্ৰুত ফেশ্বন উইকৰ অভিজ্ঞতাৰে সমৃদ্ধ বিপণন বিশেষজ্ঞ মিলা মৰিছেও কৰ্মশালাত সহযোগ কৰিছে।

গুৱাহাটীৰ লগতে অসমৰ শিক্ষাৰ্থীসকলে এই গ্লবেল এক্সপ’জাৰৰ প্ৰত্যক্ষ অভিজ্ঞতা লাভ কৰিছে। এনআইএফ গ্লোবেল গুৱাহাটীৰ কেন্দ্ৰীয় সঞ্চালক চিংকি আগৰৱালে স্থানীয় শিক্ষাৰ্থীসকলৰ বাবে বিশ্বব্যাপী ফেশ্বনৰ ট্ৰেণ্ড গঢ়ি তোলা উদ্যোগৰ অগ্ৰণীসকলৰ পৰা শিকাৰ এই অনন্য সুযোগৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এই উদ্যোগটোৱে ডিজাইন ক্ষেত্ৰখনৰ প্ৰতিভাধৰসকলৰ বাবে এক বৰ্ধিত কেন্দ্ৰ হিচাপে গুৱাহাটীৰ স্থিতি শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। স্থানীয় সৃষ্টিশীলতাৰ সৈতে বিশ্বব্যাপী অন্তৰ্দৃষ্টিক একত্ৰিত কৰি, এনআইএফ গ্লোবেলে শিক্ষাৰ্থীসকলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফল হোৱাৰ সঁজুলি প্ৰদান কৰি আহিছে, যাৰ ফলত উত্তৰ-পূৰ্বাঞ্চলত ফেশ্বন জগতৰ দৃশ্যপট উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *