ভাৰত আৰু অন্যান্য অংশীদাৰী দেশৰ গ্ৰাহকসকলৰ মাজত উদ্ভাৱনীমূলক নিউট্ৰাচিউটিকেল ব্ৰেণ্ড ৰূপে নিজকে গঢ়ি তুলিবলৈ নেচলে ইণ্ডিয়া আৰু ডাঃ ৰেড্ডীজ লেবৰেটৰীজ লিমিটেডে যৌথ উদ্যোগ গঠনৰ কথা ঘোষণা কৰিছে নেচলে ইণ্ডিয়া আৰু জেভি পাৰ্টনাৰ্ছে। এই অংশীদাৰিত্বই ভাৰতত ডাঃ ৰেড্ডী’ছৰ শক্তিশালী আৰু প্ৰতিষ্ঠিত বাণিজ্যিক শক্তিৰ সৈতে নেচলে স্বাস্থ্য বিজ্ঞান(এনএইচএছচি)ৰ পুষ্টিকৰ স্বাস্থ্য সমাধানৰ লগতে ভিটামিন, খনিজ, বনৌষধি আৰু অন্যান্য পৰিপূৰকসমূহৰ জনপ্ৰিয় গ্লবেল ৰেঞ্জৰ সামগ্ৰী-সেৱাক একত্ৰিত কৰিব।
জেভি অংশীদাৰসকলে নিজৰ শক্তিক সমগ্ৰ ভাৰততে সম্প্ৰসাৰিত কৰিবলৈ একত্ৰিত কৰিব, যাৰ ভিতৰত আছে বিপাকীয়(মেটাবলিক), চিকিৎসালয়ত পুষ্টি, সাধাৰণ সুস্থতা, মহিলাৰ স্বাস্থ্য আৰু শিশুৰ পৰিপুষ্টি ইত্যাদি। জেভি কোম্পানীৰ মুখ্য কাৰ্যালয় আছে হায়দৰাবাদত। জেভি কোম্পানীয়ে নেষ্টলে গ্ৰুপ আৰু ডাঃ ৰেড্ডী’ছৰ সামৰ্থ্য অনুসৰি সকলো সেৱা লাভ কৰিব। এই অংশীদাৰিত্ব শক্তিশালী ব্ৰেণ্ড আৰু সামগ্ৰীৰ জৰিয়তে উপভোক্তা মূল্য বৃদ্ধিৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ, কিয়নো এই অংশীদাৰিত্বই কোম্পানীটোক এক শক্তিশালী খুচুৰা আৰু বিতৰণ নেটৱৰ্ক গঢ়ি তুলিবলৈ সক্ষম কৰি তুলিব, যাতে গ্ৰাহকসকলৰ জীৱনৰ মানদণ্ড উন্নত হয়।
এই যুটীয়া প্ৰচেষ্টাৰ বিষয়ে সন্দৰ্ভত মন্তব্য কৰি নেচলে ইণ্ডিয়াৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক সুৰেশ নাৰায়ণনে কয় যে, “মই এই কথা জনাবলৈ অতি সুখী হৈছোঁ কিয়নো আমি ডাঃ ৰেড্ডী’ছ লেবৰেটৰীছ লিমিটেডৰ সৈতে যৌথ প্ৰচেষ্টাৰে আমি বিশেষ পদক্ষেপ হাতত লৈছোঁ।আমি এনে এক যাত্ৰালৈ আগবাঢ়িছো য’ত আমি যোগ দিবলৈ চেষ্টা কৰিছো, য’ত শক্তিশালী ব্ৰেণ্ড আৰু সামগ্ৰীৰ জৰিয়তে গ্ৰাহকৰ জীৱনলৈ বিশেষ মূল্য লৈ অহা হৈছে।”