অসমৰ প্ৰথম ইউনিকৰ্ণ আৰু ভাৰতৰ অগ্ৰণী ফিনটেক চালিত বেংক নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংক(এনইএছএফবি)-এ ৩-৫ এপ্ৰিলৰ পৰা নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ষ্টাৰ্টআপ মহাকুম্ভ ২০২৫ত এক উল্লেখযোগ্য ৰূপত আত্মপ্ৰকাশ কৰে। ফিনটেক ইউনিকৰ্ণ শ্লাইছৰ সৈতে একত্ৰিকৰণৰ পিছত এনইএছএফবি-এ ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ বাবে এআই-নেতৃত্বাধীন, অন্তৰ্ভুক্ত বেংক ৰূপে এক বলিষ্ঠ দৃষ্টিভংগী দাঙি ধৰে। এই অনুষ্ঠানত এনইএছএফবি-এ দুটা নতুন ডিজিটেল-প্ৰথম সামগ্ৰী মুকলি কৰে – ডিজিটেল ছেভিংছ একাউণ্ট দৈনিক ইণ্টাৰেষ্ট ক্ৰেডিটৰ সৈতে আৰবিআই ৰেপ’ ৰেটৰ সৈতে পোনপটীয়াকৈ সংযুক্ত আৰু ৯%লৈকে ৰিটাৰ্ন আগবঢ়োৱা ফিক্সড ডিপজিট। দুয়োটা সামগ্ৰীতে বাধাহীন ডিজিটেল অনবৰ্ডিং আৰু এপ-আধাৰিত অভিগম্যতা আছে, যিয়ে প্ৰযুক্তি-সক্ষম আৰু মূল্য-সচেতন ব্যৱহাৰকাৰীসকলক সেৱা আগবঢ়ায়।
বেংকে অহা ১২-২৪ মাহৰ ভিতৰত মেট্ৰ ‘চহৰ আৰু টায়াৰ-২ হাবসমূহত এআই-চালিত আগশাৰীৰ শাখা মুকলি কৰাৰ পৰিকল্পনা প্ৰকাশ কৰিছে, আনহাতে গ্ৰাম্য বজাৰতো নিজৰ প্ৰসাৰ গভীৰ কৰিছে। এনইএছএফবি-ৰ ঘৰুৱা ঘাটি গুৱাহাটী মহানগৰীয়ে এই ৰূপান্তৰৰ এক মুখ্য চালক হিচাপে আত্মপ্ৰকাশ কৰিছে। চহৰখনৰ বৰ্ধিত ডিজিটেল সাক্ষৰতা, ষ্টাৰ্টআপ সংস্কৃতি সম্প্ৰসাৰণ আৰু বৰ্ধিত মধ্যবিত্ত চাহিদাই ইয়াক উদ্ভাৱন-চালিত বিত্তীয় সেৱাৰ বাবে এক উৰ্বৰ স্থান ৰূপে তৈয়াৰ কৰিছে, যাৰ ফলত উত্তৰ-পূবত ফিনটেক হটস্পট হিচাপে মহানগৰখনৰ ভূমিকা সুদৃঢ় হৈছে।
শ্লাইচ I এনইএছএফবিৰ এজন মুখপাত্ৰই এই বিষয়ে কয় যে, “অসমৰ মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বত ৰাজ্য চৰকাৰৰ অদম্য সমৰ্থনে এনইএছএফবিৰ যাত্ৰাত যথেষ্ট সহায় কৰিছে। বেংকটোৰ আগন্তুক চিন্তাধাৰাৰ পলিচী আৰু সক্ৰিয় সুবিধাসমূহ প্ৰদানে আমাক কেৱল উত্তৰ-পূবতে সেৱা আগবঢ়োৱাই নহয়, লগতে সমগ্ৰ ভাৰতৰ বাবে ডিজিটেল-প্ৰথম বেংক হিচাপে নিজকে স্থান দিবলৈ সহায় কৰিছে। অসমৰ প্ৰথম ইউনিকৰ্ণ হিচাপে এনইএছএফবি গৰ্বিত—আঞ্চলিক উৎকৰ্ষতাই যে ৰাষ্ট্ৰীয় আৰু গ্লবেল মঞ্চত লাভৱান হোৱাৰ লগতে নেতৃত্ব দিব পাৰে তাৰেই প্ৰমাণ।” মুখপাত্ৰজনে লগতে কয় যে, “আমাৰ লক্ষ্য স্পষ্ট: প্ৰযুক্তি-নেতৃত্বাধীন সমাধানৰ সৈতে বেংকিং সেৱাক ন ৰূপত সংজ্ঞায়িত কৰা, যিবোৰ সুলভ, কাৰ্যক্ষম হোৱাৰ লগতে শক্তিশালী হয়।