এনইএছএফবি-এ শ্লাইচৰ সৈতে একত্ৰিকৰণৰ পিছত লাভ কৰিছে শক্তিশালী আৰ্থিক উন্নতি, উত্তৰ-পূবত সম্প্ৰসাৰিত কৰিছে নিজৰ পদচিহ্ন

নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংক(এনইএছএফবি)-এ ২০২৪ চনৰ ২৭ অক্টোবৰত শ্লাইচৰ সৈতে সফল একত্ৰিকৰণৰ পিছত গুৰুত্বপূৰ্ণ আৰ্থিক বৃদ্ধিৰ তথ্য প্ৰকাশ কৰিছে। এই সহযোগিতাই এনইএছএফবিৰ বলিষ্ঠ বেংক ভেটিক শ্লাইচৰ প্ৰযুক্তিগত উদ্ভাৱনৰ সৈতে একত্ৰিত কৰি বেংকটোৰ বিত্তীয় শক্তি আৰু কাৰ্যকৰী দক্ষতা বৃদ্ধি কৰিব।

এনইএছএফবি বেংকে এতিয়া ২৩.৫% শক্তিশালী কেপিটেল টু ৰিস্ক-ৱেইট এচেটছ ৰেচিঅ’(চি আৰ এ আৰ) লাভ কৰিবলৈ সক্ষম হৈছে, যিয়ে ভৱিষ্যতৰ বৃদ্ধিৰ ক্ষেত্ৰত বিপদাশংকা গ্ৰহণ কৰিব পৰা সামৰ্থ্য নিশ্চিত কৰিছে। মুঠ সম্পদৰ পৰিমাণ ৯২০ কোটি টকালৈ বৃদ্ধিয়ে প্ৰমাণ কৰে যে, এনইএছএফবিয়ে নিজৰ ব্যৱসায় সম্প্ৰসাৰণ, বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলত অধিক কৌশলগত সম্প্ৰসাৰণৰ বাবে সুস্থিৰ অৱস্থাত আছে। বেংকটোৰ ৪.৬% পৰিমাণৰ মুঠ অ-কাৰ্যকৰী সম্পদ(এনএনপিএ)-এ উন্নত সম্পদৰ মানদণ্ডক উজ্জ্বল কৰি তুলিছে, যিয়ে বেংকৰ বিপদাশংকা ব্যৱস্থাপনাৰ অনুশাসিত দৃষ্টিভংগীক প্ৰতিফলিত কৰে।

এনইএছএফবিৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া সতীশ কুমাৰ কালৰাই বেংকৰ ভৱিষ্যতৰ ওপৰত আস্থা প্ৰকাশ কৰি কয় যে, “শেহতীয়া একত্ৰিকৰণে এনইএছএফবিক বিত্তীয় স্থিৰতা আৰু কাৰ্যকৰী উৎকৃষ্টতাৰ এক নতুন যুগলৈ লৈ গৈছে। আমাৰ শক্তিশালী মূলধনৰ আধাৰৰ সহায়ত আমি আটাইতকৈ বেছি প্ৰয়োজন হোৱা সম্প্ৰদায়ৰ বাবে উন্নত বেংকিং সমাধান প্ৰদান কৰিবলৈ পাই অতিশয় উৎফুল্লিত।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *