হাস্যকাৰ কপিল শর্মা আৰু কপিলৰ দলে কৰিলে নৱৰত্নৰে অংশীদাৰিত্ব

ঘৰুৱা আয়ুর্বেদিক শীতল তেল বজাৰ দখল কৰি থকা অগ্রণী প্রতিষ্ঠান ইমামি লিমিটেডৰ নৱৰত্নই এই গ্রীষ্মকালত হাঁহিৰে গ্ৰাহকৰ মন জয় কৰিবলৈ নতুন ৰূপত সাজু হৈছে। কিয়নো হাস্যকাৰ কপিল শর্মাই নিজৰ পৰিয়ালৰ অন্যতম সদস্য কিকু চর্দা, গৌৰৱ গেৰা আৰু সুমনা চত্রৱতীৰ সৈতে ব্ৰেণ্ডটোৰ লগত সহযোগিতা কৰিছে । নতুন টিভি বিজ্ঞাপন আৰু ডিজিটেল কন্টেন্টৰ এই ছিৰিজত নৱৰত্ন তাইলে কপিল শৰ্মা আৰু কপিলৰ সহযোগীৰ শিল্পীৰ সৈতে আকর্ষণীয় ৰূপত হাস্যৰস আৰু নৱৰত্ন তেলক তুলি ধৰিছে।

এই বিজ্ঞাপনত সাধাৰণ মানুহে সাধাৰণতে সম্মুখীন হোৱা দৈনন্দিন অসুবিধা-প্রত্যাহ্বান আৰু জীবনযুঁজৰ সৈতে মোকাবিলা কৰিবলৈ নৱৰত্ন তেল ব্যৱহাৰ কৰি উপশম পোৱাৰ কথাটো দেখুওৱা হৈছে। ইয়াত নৱৰত্ন তেলক ‘খণ্ডক কা বাদশাহ, ৰাহত কা বাজা’ হিচাপে উপস্থাপন কৰা হৈছে। ইমামি লিমিটেডৰ উপাধ্যক্ষ আৰু পৰিচালন সঞ্চালক হর্ষ ভি আগৰৱালে এই অনন্য সহযোগিতৰ বিষয়ে নিজৰ অনুভৱ ব্যক্ত কৰি কয়, ‘আমাৰ নৱৰত্ন আয়ুর্বেদিক অইল ব্ৰেণ্ডৰ বাবে কপিল শর্মা আৰু হাস্যৰসেৰে ভৰা দলটোৰ সৈতে সহযোগিতা কৰিবলৈ পাই আমি আনন্দিত হৈজ্বে। নৱৰত্নৰ সৈতে কপিল শর্মা আৰু কপিলৰ দলটোৰ এই অৱদান হ’ব অন্যতম শ্রেষ্ঠ ফিটমেন্ট।’

কপিল শর্মাই কয়, ‘নবৰত্ন আয়ুর্বেদিক তেলে দৈনন্দিন জীৱনৰ বিভিন্ন প্রত্যাহ্বানসমূহৰ পৰা উদ্ভৱ হোৱা মূৰৰ বিষ আৰু মানসিক চাপ সম্পর্কীয় সমস্যাৰ পৰা ফলপ্রসূ সকাহ প্রদান কৰি আহিছে। কেবল ময়েই নহয়, মোৰ সৈতে জড়িত কলা-কুশলীয়ে জীৱনৰ প্ৰত্যাহ্বান আৰু কষ্টৰ পৰা সকাহ প্রদান কৰিবলৈ হাস্যৰসক এক শক্তিশালী আহিলা হিচাপে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰোঁ।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *