নেচনেল ষ্টক এক্সচেঞ্জে এনএছই-এছএছইত প্ৰথম পাঁচটা প্ৰতিষ্ঠান তালিকাভুক্তকৰণৰ ক্ষণত আয়োজন বিশেষ অনুষ্ঠানৰ

নেচনেল ষ্টক এক্সচেঞ্জ (এনএছই)ৰ ছ’চিয়েল ষ্টক এক্সচেঞ্জে (এছএছই) নিজৰ এনএছই-ছ’চিয়েল ষ্টক এক্সচেঞ্জ (এছএছই) প্লেটফৰ্মত প্ৰথম ৫টা প্ৰতিষ্ঠান তালিকাভুক্তকৰণৰ সাফল্য় অৰ্জন কৰি আন এক মাইলৰ খুঁটি অৰ্জন কৰিছে – স্বামী বিবেকানন্দ য়ুথ মুভমেণ্ট (এছভিৱাইএম), ট্ৰেন্সফৰ্ম ৰুৰেল ইণ্ডিয়া, মুক্তি, একলব্য ফাউণ্ডেচন আৰু এছজিবিএছ উন্নতি ফাউণ্ডেচন। এই কৃতিত্ব উদযাপনৰ বাবে মুম্বাইৰ বান্দ্ৰা কুৰ্লা কমপ্লেক্স(বিকেচি)স্থিত নেচনেল ষ্টক এক্সচেঞ্জ(এনএছই)ৰ  মুখ্য কাৰ্যালয়ত আয়োজিত কৰা হৈছিল এক বিশেষ অনুষ্ঠানৰ, এই অনুষ্ঠানত শেহতীয়াভাৱে প্ৰভাৱিত বিত্তীয় ক্ষেত্ৰসমূহৰ বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰা হৈছিল।

তালিকাভুক্তকৰণৰ জৰিয়তে দেশৰ শিক্ষা, দক্ষতা বিকাশ, কৃষি, জীৱিকা, মহিলা সৱলীকৰণ ইত্যাদিকে ধৰি বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ বাবে ৮ কোটি টকাৰ পুঁজি সংগ্ৰহ কৰা হৈছে।  ছেবিৰ অধ্যক্ষ মাধবী পুৰি বুচ, ছেবিৰ ছ’চিয়েল ষ্টক এক্সচেঞ্জ উপদেষ্টা সমিতিৰ অধ্যক্ষ ড০ আৰ বালাসুব্ৰমণিয়াম, ছেবিৰ হোল টাইম মেম্বাৰ (ডব্লিউটিএম) অশ্বনী ভাটিয়া আৰু আদিত্য বিৰলাৰ এমডি এণ্ড চিইঅ’ এ বালাসুব্ৰমণিয়ানসহ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত ছানলাইফ এএমচি, এনপিঅ’ আৰু অন্যান্য অংশীদাৰসকলৰ প্ৰতিনিধি, বিষয়া আৰু প্ৰতিনিধিসকলক একত্ৰিত কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰিছিল।

এই সাফল্যৰ বিষয়ে ভাৰত চৰকাৰৰ বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নিৰ্মলা সীতাৰমণে দৃঢ়তাৰে কয় যে,  “এনএছইৰ ছচিয়েল ষ্টক এক্সচেঞ্জ (এছএছই) প্লেটফৰ্মত তালিকাভুক্ত হোৱা ৫টা অ-লাভজনক সংগঠন স্বামী বিবেকানন্দ য়ুথ মুভমেণ্ট, ট্ৰেন্সফৰ্ম ৰুৰেল ইণ্ডিয়া, মুক্তি, একলব্য ফাউণ্ডেচন আৰু এছজিবিএছ উন্নতি ফাউণ্ডেচনক অভিনন্দন জনাইছো। এছএছইৰ জৰিয়তে পুঁজি সংগ্ৰহৰ বাবে সংগঠিত আৰু প্ৰদৰ্শন-মুখী প্ৰণালীৰ প্ৰতি দাতাসকলৰ অৱদান অত্যন্ত প্ৰশংসনীয় আৰু আগন্তুক দিনত এনে প্ৰয়াসৰ বাবে শুভেচ্ছা জনাইছোঁ।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *