ছাত্ৰ ছাত্ৰীৰ মাজত বিজ্ঞান মনস্কতাৰ বিশেষ জ্ঞান প্ৰদান

অসম বিজ্ঞান সমিতিৰ কামৰূপ জিলাৰ বকো শাখাৰ উদ্যোগত আৰু জামবাৰী এম ই স্কুলৰ সহযোগত স্কুল প্ৰাংগনত কালি ‘ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস’  অনুষ্ঠিত হয় । বিজ্ঞান সমিতিৰ বকো শাখাৰ সভাপতি অৰবিন্দ চৌধুৰীৰ সঞ্চালনাত এইবাৰৰ দিৱসৰ মূল বিষয়বস্তু “বিকশিত ভাৰতৰ বাবে থলুৱা প্ৰযুক্তি” শীৰ্ষক আলোচনা চক্ৰ খনত মুখ্য সমল ব্যক্তি হিচাপে ছাত্ৰ – ছাত্ৰীসকলৰ আগত আলোচনা আগবঢ়ায় জৱাহৰলাল নেহৰু মহাবিদ্যালয় বকোৰ সহযোগী অধ্যাপক ড° প্ৰাণেশ্বৰ নাথে।

বিজ্ঞান শাখাৰ সম্পাদক পৱিত্ৰ কৈৱৰ্ত্ত‌ই জনোৱা অনুসৰি আন এগৰাকী বক্তা হিচাপে বক্তব্য ৰাখি ডি এন ডি আঞ্চলিক হাইস্কুলৰ অৱসৰপ্ৰাপ্ত বিজ্ঞান শিক্ষক গৌৰাংগ ঠাকুৰীয়াই ছাত্ৰ -ছাত্ৰীক একাগ্ৰতাৰে সকলো কাম কৰিবলৈ পৰামৰ্শ দিয়ে। জামবাৰী এম ই স্কুলৰ প্ৰধান শিক্ষক হাফিজ আলীয়ে অনুষ্ঠানটিৰ বাবে উদ্যোগীতাক ধন্যবাদ জনায় আৰু স্কুলখনৰ বন্ধু বিদ্যালয় বাকাৰাটাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মনোৱাৰ হুছেইনে শলাগৰ শৰাই আগবঢ়ায়।

অনুষ্ঠান খনত উপস্থিত থাকি সহযোগিতা আগবঢ়ায় শিক্ষক বিবেক প্ৰতীম দাস, চতুৰ্থ বৰ্গৰ কৰ্মচাৰী তপন কলিতাই। আন্ধেৰিটাৰী বালিকা প্ৰাথমিক বিদ্যালয়তো বিদ্যালয়খনৰ শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ সহযোগত কালি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদ্‌যাপন কৰা হয় বুলি প্ৰধান শিক্ষক পৱিত্ৰ কৈৱৰ্ত্ত‌ই জানিবলৈ দিয়ে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *