ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতা

ল’ৰা-ছোৱালীৰ প্ৰথম এন টি পি চি ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতাখনৰ অন্তিম দিনটোত অসমৰ অভিজ্ঞান ভট্টাচাৰ্যই ল’ৰাৰ ছাব-জুনিয়ৰৰ ৰিকাৰ্ভ শাখাত ব্ৰঞ্জ জয় কৰি আয়োজক ৰাজ্যখনক একমাত্ৰ সফলতা দিবলৈ সক্ষম হৈছে৷ সামৰণি পৰা প্ৰতিযোগিতাখনত ছাৱ-জুনিয়ৰৰ ৰিকাৰ্ভ আৰু কম্পাউণ্ড শাখাৰ ল’ৰা-ছোৱালী উভয়ৰে প্ৰি-কোৱাৰ্টাৰ ফাইনেলৰ পৰা আৰম্ভ কৰি পদক নিৰ্ণয় খেলো অনুষ্ঠিত হয়৷

উভয় শাখাতে অসমৰ পাঁচগৰাকী খেলুৱৈয়ে নকআউট অন্তিম ১৬ লৈ যোগ্যতা অৰ্জন কৰিছিল যদিও কেবল অভিজ্ঞানেহে সফলতা লাভ কৰে৷ ল’ৰাৰ ছাব-জুনিয়ৰৰ ৰিকাৰ্ভ শাখাত মহাৰাষ্ট্ৰৰ শোহম শৰদ কানাছে সোণ আৰু মেঘালয়ৰ দেৱৰাজ মহাপাত্ৰই ৰূপ জয় কৰে৷

ছোৱালীৰ ছাব-জুনিয়ৰৰ ৰিকাৰ্ভ শাখাত ৰাজস্থানৰ প্ৰাঞ্জলী থ’লিয়াই সোণ, উত্তৰ প্ৰদেশৰ খুশি কুমাৰীয়ে ৰূপ আৰু হাৰিয়ানাৰ জানাটে ব্ৰঞ্জ লাভ কৰে৷ ইফালে, ল’ৰাৰ ছাব-জুনিয়ৰৰ কম্পাউণ্ড শাখাত পঞ্জাৱৰ সুখমনদ্বীপ সিঙে সোণ তথা ৰাজস্থানৰ দেৱাঞ্চ সিং আৰু শচীন চেচিয়ে ৰূপ-ব্ৰঞ্জ লাভ কৰে৷ ছোৱালীৰ ছাব-জুনিয়ৰৰ কম্পাউণ্ড শাখাত দিল্লীৰ দৃষ্টিয়ে সোণ, হাৰিয়ানাৰ জিয়া যাদবে ৰূপ আৰু বংগৰ প্ৰাপ্তি বাটাবিয়ালে ব্ৰঞ্জ লাভ কৰে৷

প্ৰতিযোগিতাৰ জুনিয়ৰৰ ৰিকাৰ্ভৰ ল’ৰাৰ শাখাত ৰাজস্থানৰ মহেশ কুমাৱটে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয় হয় ক্ৰমে হাৰিয়ানাৰ ৰাহুল আৰু বংগৰ জুৱেল সৰকাৰ৷

ৰিকাৰ্ভৰ ছোৱালীৰ খিতাপ লাভ কৰে মহাৰাষ্ট্ৰৰ শ্ৰুস্তি বালাজীয়ে৷ ৰূপ হাৰিয়ানাৰ কৃৰ্তিকা তথা ব্ৰঞ্জ ৰাজস্থানৰ প্ৰাঞ্জালী থ’লিয়াই অৰ্জন কৰে৷

জুনিয়ৰৰ কম্পাউণ্ড শাখাত ল’ৰাৰ খিতাপ লাভ কৰে মহাৰাষ্ট্ৰৰ মানৱ যাদবে৷ মধ্য প্ৰদেশৰ ৰাঘব পাটিডাৰে ৰূপ তথা হাৰিয়ানাৰ আয়ুশ ৰাৱে ব্ৰঞ্জৰ পদক পায়৷

ছোৱালীৰ সোণ অৰ্জন কৰে হাৰিয়ানাৰ একতা ৰাণীয়ে৷ তেলেংগনাৰ তানিপাৰ্থি চিকিথা দ্বিতীয় তথা হাৰিয়ানাৰ দ্বিপশিখা তৃতীয় হয়৷

By Tanupriya

Leave a Reply

Your email address will not be published. Required fields are marked *