ৰাষ্ট্ৰীয় পৰ্যায়ৰ সোণৰ পদক প্ৰাপ্ত খেলুৱৈক সম্বৰ্ধনা

দক্ষিণ কামৰূপ :::: দক্ষিণ কামৰূপৰ বৃহত্ত গাঁও সাতপখলীত গাঁওৰক্ষী বাহিনীৰ সহযোগত পাঞ্জাৱ নেচনেল বেংক ৰামপুৰ শাখাই  চি এচ আৰ ফাউণ্ডেৰে যাত্ৰীৰ জিৰণি অৰ্থে এটি অত্যাধুনিক যাত্ৰী জিৰণী কোঠা নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰে। লগতে সাতপখলী গাঁওৰ বীণাপাণি তৰুণ সংঘ  নৱোদয় ক্লাৱ সাতপখলী উচ্চ মাধ্যমিক বিদ্যালয়লৈ লৈ ফুটবল আৰু ভলীব’ল আৰু খেলৰ সামগ্ৰী আগবঢ়াই।

সাতপখলী গাঁও উন্নয়ন সমিতিৰ সভাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক অৰ্জক কৰা চিম্পী দাস মিতালী দাস আৰু নিজৰ জীৱনক তুচ্ছ কৰি বেংক ডকাইতৰ পৰা পাঞ্চাৱ নেচনেল বেংক ৰক্ষা কৰি চাৰিটা ডকাইতক ধৰিবলৈ সক্ষম হোৱা সাহসী বেংক গাৰ্ড অনংগ কলিতাক সম্বৰ্ধনা জনোৱ হয়।

অনুষ্ঠানত উপস্থিত থাকে পাঞ্জাৱ নেচনেল বেংক ৰামপুৰ শাখাৰ মহাপ্ৰবন্ধক মনোজ কলিতা,বেংক বিষয়া মলয়া গগৈ,সাতপখলী তেজপুৰ গাঁও পঞ্চায়তৰ সভাপতি জোন কুমাৰ দাস,সাতপখলী গাঁও উন্নয়ন সমিতিৰ সভাপতি জগদিশ প্ৰসাদ দাস,সম্পাদক হৰকুমাৰ দাস প্ৰমুখ্যে স্থানীয় ৰাইজ উপস্থিত থাকে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *