পশ্চিম গুৱাহাটীত ৰাষ্ট্ৰীয় হস্ততাত দিৱসত শিপিনীক সম্বৰ্ধনা

পশ্চিম গুৱাহাটীৰ বৰঝাৰ আৰু সৰু আগছিয়া প্ৰাথমিক বোৱা কটা সমবায় সমিতি লিমিটেডৰ উদ্যোগত ৭ আগষ্টত গুমেইবৰী গাঁৱত ৰাষ্ট্ৰীয় হস্ততাত দিৱস পালন কৰা হয়।। আনহাতে এই উপলক্ষে অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে মাজিৰগাওঁ গাওঁ পঞ্চায়তৰ সভানেত্ৰী অৰুণিমা দাসে । সভাত ভাগ লৈ সমিতিখনৰ সভানেত্ৰী গীতা মণ্ডল ডেকাই ৰাষ্ট্ৰীয় হস্ততাত দিৱসৰ তাৎপৰ্য দাঙি ধৰি কিদৰে আধুনিক পদ্ধতি অৱলম্বন কৰি এগৰাকী মহিলা বা যুৱতীয়ে তাতশালত কাপোৰ বৈ আৰ্থিকভাবে স্বাৱলম্বী হব পাৰে তাৰ আলোকপাত কৰে। সভাত ধৰিত্ৰী দাস, লীলা বৈশ্যকে ধৰি কেবাজনেও চমু ভাষণত হস্ততাত আসমীয়া জনজীৱনৰ এক অভিন্ন অংগ বুলি অভিহিত কৰে। সভাত আইজনী দাস, দিপালী কলিতা, পুতুল দাসকে ধৰি ১১ জনী শিপিনীক সম্বৰ্ধনা জনোৱা হয়।

By Piyali Poddar

Leave a Reply

Your email address will not be published. Required fields are marked *