মণিপুৰত প্ৰাকৃতিক দুৰ্যোগত ৩০ জনৰো অধিক লোকৰ মৃত্যু

ঘূৰ্ণীবতাহ ৰেমলে পশ্চিম বংগকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত ভয়ংকৰ ধ্বংসৰ সৃষ্টি কৰে। মণিপুৰত পৰিস্থিতি আটাইতকৈ বেয়া। ৰাজ্যখনৰ বহু নৈৰ পানী বিপদসীমাৰ ওপৰৰে বৈ আছে। ইয়াৰ উপৰিও বহুতো অঞ্চল বানপানীৰ কবলত পৰিছে। উদ্ধাৰকাৰী দলে নিৰন্তৰ মানুহক সহায় কৰি আহিছে। মণিপুৰত এতিয়ালৈকে ৩০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে, আনহাতে ২ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে।
ইম্ফল আৰু নামবুলৰ কেইবাখনো নদীৰ পানীৰ স্তৰ হ্ৰাস পাইছে কিন্তু অঞ্চলটোৰ পানীৰ স্তৰ হ্ৰাস হোৱা নাই, যাৰ ফলত হাজাৰ হাজাৰ লোক তেওঁলোকৰ ঘৰত আৱদ্ধ হৈ পৰিছে। বান প্ৰবন অঞ্চলবোৰ পৰিষ্কাৰ কৰাৰ কাম আৰম্ভ হৈছে। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এই তথ্য প্ৰদান কৰিছে। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে তেওঁৰ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি তেওঁ লিখিছে, ‘বানপানী নিষ্কাশন আৰু জলমগ্ন অঞ্চলসমূহ পৰিষ্কাৰ কৰাৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত আছে।’ বানপানীত আৱদ্ধ লোকসকলৰ বাবে অসম ৰাইফলছৰ ৩৭ টা দল আৰু এন ডি আৰ এফৰ ৩টা দলে সাহায্য সামগ্ৰী প্ৰদান, আৱদ্ধ লোকসকলক উদ্ধাৰ আৰু চিকিৎসা সাহায্য প্ৰদানৰ বাবে কাম কৰি আছে। এই দলবোৰে ইয়াৰ ওপৰত নিৰন্তৰ কাম কৰি আছে। এই সন্দৰ্ভত তথ্য প্ৰদান কৰি এন ডি আৰ এফৰ কমাণ্ডাৰ অশোক পেটেলে কয় যে এন ডি আৰ এফৰ জোৱানসকলৰ সৈতে ৩৭ টা অসম ৰাইফলছৰ দল ইম্ফল নগৰ অঞ্চলত ২৪ ঘণ্টীয়া উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে।

By Priyanka Bhowmick

Leave a Reply

Your email address will not be published. Required fields are marked *