মিৰে এছেট ইনভেষ্টমেণ্ট মেনেজাৰ্ছৰ গুৱাহাটীত নতুন কাৰ্যালয় মুকলি

মিৰে এছেট ইনভেষ্টমেণ্ট মেনেজাৰছ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডে গুৱাহাটীৰ জি এছ ৰোডৰ দিহাং আৰ্কেডত অসমৰ প্ৰথমটো কাৰ্যালয় আৰু দেশজুৰি ২৫ নং কাৰ্যালয় উদ্বোধন কৰি উত্তৰ-পূবত নিজৰ উপস্থিতি শক্তিশালী কৰিছে। এই নতুন শাখাটোৱে সমগ্ৰ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহৰ বিনিয়োগকাৰী আৰু বিতৰণ অংশীদাৰসকলৰ সুলভতা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।

এই বিষয়ে সদৰি কৰি মিৰে এছেট ইনভেষ্টমেণ্ট মেনেজাৰ্ছ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডৰ উপাধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া স্বৰূপ আনন্দ মহান্তীয়ে কয় যে, “মিউচুৱেল ফাণ্ডত বিনিয়োগৰ বাবে উত্তৰ-পূব ক্ৰমান্বয়ে অন্যতম প্ৰতিশ্ৰুতিপূৰ্ণ অঞ্চল হৈ আহিছে আৰু আমি ইয়াত উৎসাহজনক অগ্ৰগতি লক্ষ্য কৰিছোঁ।  গুৱাহাটীস্থিত আমাৰ নতুন কাৰ্যালয়ৰ জৰিয়তে আমি আমাৰ বিনিয়োগকাৰী আৰু অংশীদাৰসকলৰ ওচৰ চাপিব বিচাৰো, যাতে আমাৰ সামগ্ৰী আৰু সেৱাসমূহলৈ উন্নত প্ৰৱেশাধিকাৰ সুনিশ্চিত হয়, লগতে বিনিয়োগকাৰীসকলক প্ৰথমে ৰখাৰ আমাৰ মূল নীতিৰ সৈতে সংগতি থাকে। “

গুৱাহাটীত বিগত বছৰবোৰত বিত্তীয় সেৱাৰ চাহিদা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে, মধ্যবিত্ত শ্ৰেণী আৰু মিউচুৱেল ফাণ্ডৰ প্ৰতি অধিক সজাগতা বৃদ্ধি পাইছে। এই উদ্যোগৰ বিশেষজ্ঞসকলে গুৱাহাটীক উত্তৰ-পূব অৰ্থনীতিৰ দুৱাৰমুখ হিচাপে সকলোৱে গণ্য কৰে, সেয়েহে মহানগৰীখন সম্পদ পৰিচালনা কৰাসকলৰ বাবে বিতৰণ আৰু বিনিয়োগকাৰীৰ প্ৰসাৰ শক্তিশালী কৰাৰ বাবে এক সঠিক স্থান। মিৰে এছেট ইনভেষ্টমেণ্ট মেনেজাৰ্ছ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডৰ বিতৰণ আৰু কৌশলগত সহযোগিতা শাখাৰ মুৰব্বী সুৰঞ্জনা বৰঠাকুৰে এই বিষয়ে কয় যে, গুৱাহাটীৰ কাৰ্যালয়ে বিতৰণ প্ৰসাৰ আৰু বিনিয়োগকাৰী সজাগতা কাৰ্যসূচীৰ কেন্দ্ৰ হিচাপে কাম কৰিব যাৰ লক্ষ্য হ’ব বিত্তীয় সাক্ষৰতা আৰু তথ্যপূৰ্ণ সিদ্ধান্ত গ্ৰহণক উৎসাহিত কৰা।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *