লিয়নত ভাৰতৰ ৱৰ্ল্ডস্কিলছ ২০২৪ বিজয়ীক সন্মান জনাই মন্ত্ৰী জয়ন্ত চৌধুৰী

ফ্ৰান্সৰ লিয়নত শেহতীয়াকৈ সমাপ্ত হোৱা ৱৰ্ল্ডস্কিল ২০২৪ প্ৰতিযোগিতাৰ বিজয়ী সকলক কেন্দ্ৰীয় দক্ষতা বিকাশ তথা উদ্যমিতা মন্ত্ৰালয়ৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী তথা শিক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে সম্বৰ্ধনা জ্ঞাপন কৰে। এই অনুষ্ঠানতে আঠজন পেৰালিম্পিক বিজয়ী(প্ৰবীণ কুমাৰ, অজিত সিং যাদৱ, শৰদ কুমাৰ, প্ৰণৱ ছুৰ্মা, ছিমৰন শৰ্মা, ৰুবিনা ফ্ৰান্সিছ, ৰাকেশ কুমাৰ আৰু প্ৰীতিপাল)কো সম্বৰ্ধনা জনায়। সম্বৰ্ধনা অনুষ্ঠানত ১৯ গৰাকী ৱৰ্ল্ডস্কিলছ বিজয়ীয়ে উপস্থিত থাকে, যিসকলে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ প্ৰতিদ্বন্দীক চেৰ পেলাই সৰ্বোচ্চ উজাৰি শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছিল। ফ্ৰান্সৰ লিয়নত ভাৰতে উল্লেখযোগ্য সফলতা লাভ কৰি পেটিছেৰী আৰু কনফেকচনাৰী(মিঠাই), উদ্যোগ ৪.০, হোটেল ৰিচেপচন আৰু নবীকৰণযোগ্য শক্তি শিতানত চাৰিটা ব্ৰঞ্জৰ পদক লাভ কৰে। বিজয়ীসকল ক্ৰমে অশ্বিতা পুলিচে, ধ্ৰুমিল কুমাৰ ধীৰেন্দ্ৰ কুমাৰ গান্ধী, সত্যজিত বালাকৃষ্ণন, জোৱেথিৰ আদিত্য কৃষ্ণপ্ৰিয়া ৰবিকুমাৰ, আৰু অম্ৰেশ কুমাৰ সাহু।

দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ সচিব অতুল কুমাৰ তিৱাৰীয়ে এই বিষয়ে কয় যে: “মই লিয়নত বিশ্ব দক্ষতা প্ৰতিযোগিতা প্ৰত্যক্ষ কৰাৰ সৌভাগ্য লাভ কৰিছিলোঁ আৰু অনুষ্ঠানটোৰ তীব্ৰতাৰ চাক্ষুস অভিজ্ঞতা প্ৰত্যক্ষ কৰিছিলোঁ। দক্ষতাৰ প্ৰদৰ্শন আৰু প্ৰতিযোগিতাৰ স্তৰ সঁচাকৈয়ে বিশ্ব মানদণ্ডৰ আছিল, প্ৰতিটো প্ৰত্যাহ্বানে অংশগ্ৰহণকাৰীসকলক সৰ্বোচ্চ সীমা নিৰ্ধাৰণ কৰি অনন্য মাত্ৰা প্ৰদান কৰিছিল।”
এনএছডিচি-ৰ চিইঅ তথা এনএছডিচি ইণ্টাৰনেচনেলৰ পৰিচালন সঞ্চালক বেদমণি তিৱাৰীয়ে এই বিষয়ে কয় যে,” আমি এই বিশেষ অনুষ্ঠানত ৱৰ্ল্ডস্কিলৰ বিজয়ীসকলক সন্মান জনাবলৈ একত্ৰিত হৈছোঁ। ভাৰতে সমগ্ৰ বিশ্বৰ ভিতৰত ত্ৰয়োদশ স্থান লাভ কৰিবলৈ সক্ষম হ’ল আৰু ৬০টাতকৈও অধিক দক্ষতা শিতানৰ ভিতৰত ৫২টা শাখাত প্ৰতিদ্বন্দ্বিতা কৰিছিল।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *