লাখ লাখ গ্ৰাহকে শ্বপচিৰ মেগা শ্বপিং ধামাকা ইভেণ্টে অভূতপূৰ্ব সফলতা

136

শ্বপচি বাই ফ্লিপকাৰ্টে প্ৰথমবাৰলৈ আগবঢ়োৱা মেগা শ্বপিং ধামাকা ইভেণ্টে অভূতপূৰ্ব সফলতা অৰ্জন কৰি দেশজুৰি লাখ লাখ আগ্ৰহী ব্যৱসায়ীক মুগ্ধ কৰিবলৈ সক্ষম হৈছে। ১৬ কোটি+তকৈ অধিক সামগ্ৰীৰ আকৰ্ষণীয় সম্ভাৰেৰে সজাই তোলা এই শ্বপিং ধামাকাই চমৎকাৰ ৰূপত দৈনিক চাহিদা ৫০% উত্থান হৈছিল আৰু প্ৰায় ৪১% গ্ৰাহকে প্ৰথমবাৰৰ বাবে শ্বপচিত বজাৰ কৰি মুঠ ৬০% উল্লেখযোগ্য বৃদ্ধিৰ সাক্ষী হৈছিল। এই অনুষ্ঠানক লৈ চাৰিওফালে সৃষ্টি কৰা উৎসাহে হাইপাৰ-ভেল্যু ই-কমাৰ্চৰ ক্ষেত্ৰত এক অগ্ৰণী শক্তি হিচাপে শ্বপচিৰ মৰ্যাদা আকৌ এবাৰ প্ৰমাণ কৰিলে আৰু নিজৰ গ্ৰাহক আধাৰৰ অটল বিশ্বাসৰ ওপৰত সেৱাসমূহ আলোকপাত কৰা হৈছিল। টি-চাৰ্ট, শাৰী আৰু বেডশ্বীটে গ্ৰাহকৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিছিল। এইবাৰ গুৱাহাটী, গোৰখপুৰ, কটক, মহীশূৰ আৰু চালেমৰ দৰে টায়াৰ ২ আৰু টায়াৰ ৩ চহৰসমূহত বিক্ৰী পৰিসংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি হৈছিল।

মেগা শ্বপিং ধামাকাই বজাৰ কৰি ভাল পোৱা গ্ৰাহকসকলক আকৰ্ষণীয় লেনদেনেৰে স্বাগতম জনোৱা জনাইছিল, য’ত আছিল ‘আণ্ডাৰ ৪৫ ষ্ট’ৰ’ আৰু ‘আণ্ডাৰ ৯৫ ষ্ট’ৰ’, য’ত লিপষ্টিকৰ পৰা আৰম্ভ কৰি কিচ্চন চপাৰলৈকে সকলো সামগ্ৰী অবিশ্বাস্য মূল্যত  উপলব্ধ কৰোৱা হৈছিল। ‘ঝাটপট ডিলছ’ আৰু ‘প্ৰাইচ ক্ৰেচ’ৰ দৰে সীমিত সময়ৰ অফাৰে অধিক বৃদ্ধি কৰিছিল উত্তেজনাৰ, নিৰ্বাচিত সামগ্ৰীৰ মূল্য আছিল ১/- টকাৰ সমান। তীব্ৰ উৎকট গৰমে দহা এই পৰিৱেশৰ মাজত এই ইভেণ্টে ঋতুৰ সৈতে খাপ খোৱা গ্ৰাহকৰ সকলো প্ৰয়োজনীয়তা পূৰণ কৰিছিল, মূল্য সচেতন বজাৰ কৰা গ্ৰাহকসকলৰ বাবে মহিলাৰ পোছাক ৮৯/- টকাৰ প্ৰাৰম্ভিক মূল্যত আগবঢ়োৱা হৈছিল। লগতে পুৰুষৰ পোছাক ১৩৯/- টকাৰ পৰা আৰু মেকআপ সামগ্ৰী ৫৯/- টকাৰ পৰা আৰম্ভ হোৱা বিভিন্ন সামগ্ৰীসমূহত অতুলনীয় ৰেহাই প্ৰদান কৰা হৈছিল।

সমগ্ৰ দেশৰ গ্ৰাহকসকলক অতুলনীয় মূল্য আৰু সুবিধা প্ৰদান কৰাৰ বাবে নিজৰ প্লেটফৰ্মৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্বপচিৰ মুৰব্বী কপিল থিৰানীয়ে গ্ৰাহকৰ অভূতপূৰ্ব সঁহাৰিত আনন্দ প্ৰকাশ কৰে। এই বিষয়ে কপিল থিৰানীয়ে কয় যে, “আমাৰ প্ৰথমবাৰলৈ মুকলি কৰা মেগা শ্বপিং ধামাকা আছিল গ্ৰাহকসকলৰ আঙুলিৰ মূৰত পোনপটীয়াকৈ আগবঢ়োৱা সুলভ বজাৰ কৰিবলৈ উৎসাহিত কৰাৰ অনন্য উপায়।” শ্বপচিয়ে শূন্য-কমিচন মাৰ্কেটপ্লেছ মডেলৰ সৈতে হাইপাৰ-ভেল্যু কমাৰ্চক গণতান্ত্ৰিক কৰি ৰাখি দেশজুৰি বজাৰ কৰা লোকসকলৰ বাবে অধিক আগ্ৰহ-আনন্দ আৰু সঞ্চয়ৰ প্ৰতিশ্ৰুতি দিছে। ২০২৪ বৰ্ষত এই প্লেটফৰ্মে নিজৰ অফাৰসমূহ সম্প্ৰসাৰণৰ লগে লগে গ্ৰাহকে ভৱিষ্যতৰ ইভেণ্টসমূহৰ আগ্ৰহেৰে আশা কৰিব পাৰে, যিয়ে বজাৰ কৰা অভিজ্ঞতাক নতুন শিখৰলৈ উন্নীত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।