মাইক্ৰছফ্টে এমএচডিই আৰু চিবিচিৰ সৈতে অংশীদাৰীত্ব

মাইক্ৰছফটে ভাৰতৰ অসামৰিক কৰ্মচাৰীসকলক ভৱিষ্যতৰ বাবে কৌশল বিকাশৰে সাজু কৰি তুলিবলৈ দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰালয় (এমএছডিই) আৰু ক্ষমতা নিৰ্মাণ আয়োগৰ (চিবিচি) সৈতে অংশীদাৰীত্ব কৰিছে। এই অংশীদাৰীত্বৰ অধীনত মাইক্ৰছফটে ডিজিটেল উৎপাদনশীলতা দক্ষতাত ভাৰত চৰকাৰৰ প্ৰায় ২.৫ নিযুত অসামৰিক কৰ্মচাৰীৰ কাৰ্যকৰী কম্পিউটাৰ সাক্ষৰতা বৃদ্ধি কৰাৰ এক লক্ষ্য ৰাখিছে।

 এই প্ৰজেক্টে তেওঁলোকক সমাজৰ দুৰ্বল আৰু দুখীয়া শ্ৰেণীৰ লোকসকলক দক্ষ আৰু কাৰ্যকৰী নাগৰিক কেন্দ্ৰিক সেৱা প্ৰদান কৰিবলৈ ডিজিটেলভাৱে ক্ষমতা প্ৰদান কৰিব। ই তেওঁলোকক সমাজ কল্যাণ সেৱা প্ৰদান কৰিবলৈ সক্ষম কৰিব। এমএছডিইৰ সচিব শ্ৰী ৰাজেশ আগৰৱাল আৰু চিবিচিৰ অধ্যক্ষ আদিল জয়নুলভাই (Adil Zainulbhai) এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে আৰু চুক্তি আদান- প্ৰদান কৰে। এই সময়ত তেওঁলোকৰ অন্যান্য বিষয়াও উপস্থিত থাকে।

প্ৰজেক্টটোৰ প্ৰশিক্ষণৰ ভিতৰত আছে শাখা বিষয়া, সহকাৰী শাখা বিষয়া, কেৰাণী, উচ্চ বিভাগৰ কেৰাণী, নিম্ন বিভাগৰ কেৰাণী আৰু বহুতো চাকৰিৰ ভূমিকা অন্তৰ্ভুক্ত থাকিব। এই অংশীদাৰীত্বৰ প্ৰশংসা কৰি এমএছডিইৰ সচিব শ্ৰী ৰাজেশ আগৰৱালে কয়, “আমাৰ কৰ্মশক্তিক এই কাৰ্যসূচীসমূহত প্ৰশিক্ষণ দিয়াটো অতি প্ৰয়োজনীয় আৰু মই নিশ্চিত যে এই মিত্ৰতাৰ জৰিয়তে আমি মিছন কৰ্মযোগীক এক সফল আঁচনি হিচাপে গঢ়ি তুলিবলৈ সক্ষম হ’ম।”

By Business Correspondent

Leave a Reply

Your email address will not be published. Required fields are marked *