মেট্ৰ’পলিছ হেল্থকেয়াৰে শিলচৰত মুকলি কৰিলে প্ৰথমটো উন্নত ৰোগ নিদান কেন্দ্ৰ

162

ভাৰতৰ আগশাৰীৰ ডায়গনষ্টিক সেৱা প্ৰদানকাৰী মেট্ৰ’পলিছ হেল্থকেয়াৰ লিমিটেডে শিলচৰত এক উন্নত ডায়গনষ্টিক সুবিধা কেন্দ্ৰ মুকলি কৰিছে। এই ধৰণৰ প্ৰথমটো মেট্ৰ’পলিছ পৰীক্ষাগাৰ চহৰখনৰ এক গুৰুত্বপূৰ্ণ স্থানত মুকলি কৰা হৈছে যাতে অঞ্চলটোৰ ৰোগীক অত্যাধুনিক নিদান সেৱা প্ৰদান কৰিব পৰা যায়। এই উদ্বোধনী অনুষ্ঠানত শিলচৰ মেডিকেল কলেজ আৰু হাস্পতাল(এছএমচিএইছ)ৰ মেডিচিন বিভাগৰ এমডি তথা সহযোগী অধ্যাপক ডাঃ তনুশ্ৰী দেৱগুপ্তা, মেট্ৰ’পলিছৰ জ্যেষ্ঠ সদস্যসকল – অসমৰ লেবৰ প্ৰধান ডাঃ ৰণিকা বৰুৱা আৰু অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাৰ এছবিইউ হেড-ইষ্ট ৰাজেশ ত্ৰিপাঠীয়ে উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰে।

১২০০ বৰ্গফুট অঞ্চল সামৰি মুকলি কৰা এই লেবৰেটৰীত প্ৰতিমাহে ৯,০০০ৰো অধিক নমুনা চম্ভালিব পৰাকৈ সজ্জিত, যিয়ে প্ৰাথমিক পেথ’লজীৰ পৰা অত্যাধুনিক মলিকিউলাৰ ডায়গনষ্টিকছ(নিদান)লৈকে পৰীক্ষাৰ এক সম্প্ৰসাৰিত বৰ্ণালী আগবঢ়ায়। মেট্ৰ’পলিছৰ পূৰ্বৰ দক্ষতা আৰু অভিজ্ঞতাই বায়’কেমিষ্ট্ৰী(জৈৱ ৰসায়ন), ইমিউন’এছেই, হেমাটলজী(ৰক্তবিজ্ঞান), ক্লিনিকেল পেথ’লজী আৰু অন্যান্য বহুতো বিশেষত্ব-সুবিধাক সামৰি লয়।

এই বিষয়ে মেট্ৰ’পলিছ হেল্থকেয়াৰ লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া সুৰেন্দ্ৰন চেমেনকুটিলে কয় যে, “শিলচৰত এই লেব মুকলিৰ জৰিয়তে সমগ্ৰ দেশতে সেৱাৰ পৰিমাণ বৃদ্ধি আৰু স্বাস্থ্যসেৱাৰ প্ৰৱেশ বৃদ্ধিৰ আমাৰ উদ্দেশ্যৰ সৈতে সংগতি থকা চহৰখনৰ স্বাস্থ্যসেৱাৰ কাঠামো শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছে।” ভাৰতৰ লগতে বিদেশত গুণগত মানৰ সেৱাৰ বাবে প্ৰখ্যাত মেট্ৰ’পলিছ হেল্থকেয়াৰে বিস্তৃত টেষ্ট মেনুৰ বাবে ইণ্ডিয়ান ৰেফাৰেন্স ৰেঞ্জ প্ৰস্তুত কৰিছে, এই বিভিন্ন পৰিসৰসমূহ এতিয়া সমগ্ৰ দেশৰ হাজাৰ হাজাৰ পৰীক্ষাগাৰে ব্যৱহাৰ কৰে। নতুন মেট্ৰ’পলিছ হেল্থকেয়াৰ লিমিটেড লেব এতিয়া শিলচৰতো উপলব্ধ, শিলচৰৰ ঠিকনা হৈছে মেট্ৰ’পলিছ হেল্থকেয়াৰ লিমিটেড, মেইন ৰোড, ৰঙিৰখাৰী, এলএমকে: অ’পজিট ঈশান বাংলা অফিচ, এন.এছ. এভিনিউ, শিলচৰ-৭৮৮০০৫।