মেট্ৰ’ গ্ৰাহকৰ বাবে মেট্ৰ’ কোটাক ক্ৰেডিট মুকলি কৰা হৈছে

মেট্ৰ’ কেছ এণ্ড কেৰি ইণ্ডিয়াৰ সহযোগত কোটাক মহিন্দ্ৰা বেংক লিমিটেডে (“কেএমবিএল”/কোটাক) ভাৰতৰ আগশাৰীৰ সংগঠিত পাইকাৰী বিক্ৰেতা আৰু খাদ্য বিশেষজ্ঞই আজি এক নতুন সহ-ব্ৰেণ্ডেড ক্ৰেডিট কাৰ্ড-‘মেট্ৰ’ কোটাক ক্ৰেডিট কাৰ্ড মুকলি কৰে। এই কাৰ্ডখনে ৩ নিযুতৰো অধিক পঞ্জীভুক্ত মেট্ৰ’ ইণ্ডিয়া গ্ৰাহকক ৪৮ দিনলৈকে সহজ, সুত-মুক্ত ঋণ সুবিধা প্ৰদান কৰিব। কাৰ্ডখন ৰুপে নেটৱৰ্কত মুকলি কৰা হৈছে।

মেট্ৰ’ৰ গ্ৰাহক আধাৰত অন্তৰ্ভুক্ত আছে ক্ষুদ্ৰ ব্যৱসায়ী, কিৰানা মালিক, এমএছএমই, সৰু ৰেষ্টুৰেণ্ট, হোৰেকা (হোটেল, ৰেষ্টুৰেণ্ট, আৰু কেটাৰাৰ্ছ) খেলুৱৈ, কাৰ্যালয়, কোম্পানী, প্ৰতিষ্ঠান, লগতে স্ব-নিয়োজিত পেছাদাৰী।

নতুন মেট্ৰ’ কোটাক ক্ৰেডিট কাৰ্ডখন ভাৰতৰ ২১ খন চহৰত অৱস্থিত ৩১ টা পাইকাৰী বিতৰণ কেন্দ্ৰৰ (দোকান) মেট্ৰ’ৰ নেটৱৰ্কত ব্যৱহাৰ কৰিব পাৰি, লগতে মেট্ৰ’ পাইকাৰী এপ– ই-কমাৰ্চ প্লেটফৰ্মত ব্যৱহাৰ কৰিব পাৰি। মুকলি সন্দৰ্ভত মন্তব্য কৰি এনপিচিআইৰ হেড – ৰুপে, ডেনি ভি থমাছে কয়, “সকলো গ্ৰাহক খণ্ডৰ বাবে প্ৰাসঙ্গিক আৰু উপযোগী উদ্ভাৱনী পৰিশোধ সমাধান উদ্ভাৱন আৰু প্ৰদান কৰাৰ বাবে পৰিৱেশ তন্ত্ৰৰ সৈতে কাম কৰি আমি সুখী।”

By Business Correspondent

Leave a Reply

Your email address will not be published. Required fields are marked *