গুৱাহাটীত ৫০০ কোটি টকাৰ ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ আধাৰশিলা স্থাপন মেদাণ্টৰ

মেদাণ্ট ছুপাৰ স্পেচিয়েলিটি হাস্পতালে গুৱাহাটীত ভূমি পূজন অনুষ্ঠানৰ জৰিয়তে উত্তৰ-পূবৰ চিকিত্সা খণ্ডত নতুন যুগৰ সূচনা কৰিলে, আজি ৪০০+ বিছনাযুক্ত এখন অত্যাধুনিক চিকিৎসালয় নিৰ্মাণৰ কামৰ শুভাৰম্ভণি ঘটিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, মেদাণ্টৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড০ নৰেশ ত্রেহান আৰু গ্ৰুপৰ চিইঅ’ পংকজ সাহনীয়ে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷

প্ৰায় ৫০০ কোটি টকাৰ বিনিয়োগেৰে গুৱাহাটীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ সৰুসজাই ঔদ্যোগিক ক্ষেত্ৰত নিৰ্মাণ হ’বলগীয়া এই চিকিৎসালয়খনত উন্নত আৰু অত্যাধুনিক সকলো ধৰণৰ চিকিত্সা প্ৰদান কৰা হ’ব। ইয়াত ট্ৰান্সপ্লাণ্ট (সংৰোপণ), কাৰ্ডিঅ’লজি, নিউৰ’লজী, অংক’লজী, অস্থিৰোগ, জটিল ৰোগৰ চিকিত্সা, নিউক্লিয়াৰ মেডিচিন, ৰবটিক সেৱা আৰু প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাকে ধৰি সম্পূৰ্ণ পৰিসৰৰ ছুপাৰ-স্পেচিয়েলিটি চিকিত্সাৰ সুবিধা থাকিব। এই প্ৰকল্পৰ জৰিয়তে স্বাস্থ্যসেৱা আৰু সংশ্লিষ্ট খণ্ডসমূহত ৫,০০০–৭,০০০ প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপন সৃষ্টি হ’ব বুলি আশা কৰা হৈছে।

এই হাস্পতালখনৰ বিষয়ে অভিমত প্ৰকাশ কৰি ডাঃ ত্ৰেহানে কয় যে, উত্তৰ-পূবে দীৰ্ঘদিন ধৰি উন্নত স্বাস্থ্যসেৱাৰ সুবিধাৰ ক্ষেত্ৰত ব্যৱধানৰ সন্মুখীন হৈ আহিছে আৰু নতুন হাস্পতালখনে “অত্যাধুনিক স্বাস্থ্যসেৱা সকলোৰে বাবে সুলভ” কৰি তুলিব। গুৱাহাটীৰ স্বাস্থ্যসেৱা বিশেষজ্ঞ আৰু ব্যৱসায়িক পৰ্যবেক্ষকসকলে উল্লেখ কৰিছে যে, গুৱাহাটী মহানগৰখনে অসম আৰু চুবুৰীয়া উত্তৰ-পূবৰ ৰাজ্যসমূহৰ চিকিৎসাৰ কেন্দ্ৰ হিচাপে দ্ৰুতগতিত আত্মপ্ৰকাশ কৰিছে। উচ্চমানৰ চিকিৎসাৰ বৰ্ধিত চাহিদা আৰু ৰোগীয়ে প্ৰায়ে বিস্তৃত চিকিত্সাৰ সুবিধা লাভৰ বাবে বাহিৰলৈ যায়, সেয়েহে মেদাণ্টৰ হাস্পতালখনে আন মেট্ৰ’ চহৰলৈ চিকিৎসা পৰ্যটন হ্ৰাস কৰিব, স্থানীয় স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি শক্তিশালী কৰিব আৰু চহৰখনত চিকিৎসা পেছাদাৰী আৰু সংশ্লিষ্ট সেৱাৰ বাবে নতুন সুযোগ কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *