চিকিৎসা সেৱাৰ সুবিধা উন্নত কৰা আৰু ৰোগীৰ শিক্ষাৰ প্ৰসাৰৰ নিৰন্তৰ প্ৰচেষ্টাত একাধিক বিশেষত্বৰ বাবে জনাজাত দেশৰ আগশাৰীৰ চিকিৎসা গোষ্ঠী মেডাণ্টই সাধাৰণতে ডায়েবেটিছ আৰু ৰক্তনলিকা(ভাস্কুলাৰ)ৰ স্বাস্থ্যৰ মাজৰ গুৰুত্বপূৰ্ণ সম্পৰ্কৰ ওপৰত আলোকপাত কৰিবলৈ এখন সংবাদ সন্মিলনৰ আয়োজন কৰিছে। গুৰুগ্ৰামৰ মেডাণ্টৰ পেৰিফেৰেল ভাস্কুলাৰ এণ্ড এণ্ড’ভাস্কুলাৰ ছায়েন্সৰ অধ্যক্ষ ডাঃ ৰাজীৱ পাৰেখৰ দ্বাৰা পৰিচালিত এই অনুষ্ঠানত ডায়েবেটিছ ৰোগীৰ অংগচ্ছেদ প্ৰতিৰোধ কৰিবলৈ আগতীয়াকৈ ৰোগ নিৰ্ণয় আৰু উন্নত চিকিৎসা বিকল্পৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় আৰু ভৰিত ফুলা ভেৰিক’জ শিৰাৰ বাবে অস্ত্ৰোপচাৰ নকৰা চিকিৎসাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আইচিএমআৰ)ৰ এক অধ্যয়ন অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ ৫.৫%ৰো অধিক লোক টাইপ ২ ডায়বেটিছ ৰোগত ভুগি আছে। এই উচ্চ পৰিসংখ্যাই ৰাজ্যখনত বৰ্ধিত সজাগতা আৰু ডায়েবেটিচ ব্যৱস্থাপনা আৰু ভাস্কুলাৰ(ৰক্তনলিকা) যত্নৰ উন্নত চিকিত্সাৰ জৰুৰী প্ৰয়োজনীয়তাক সূচায়।
ডাঃ পাৰেখে ডায়েবেটিছ ৰোগীৰ ৰক্তবাহী নলীৰ ৰোগ(ভাস্কুলাৰ ডিজিছ)ৰ অগ্ৰগতি প্ৰতিৰোধৰ ক্ষেত্ৰত শৰীৰত শৰ্কৰাৰ নিয়ন্ত্ৰণ, নিয়মীয়া ব্যায়াম, ধূমপান বন্ধ কৰাকে ধৰি জীৱনশৈলীৰ পৰিৱৰ্তনৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। গুৰুগ্ৰামৰ মেডাণ্টৰ পেৰিফেৰেল ভাস্কুলাৰ এণ্ড এণ্ড’ভাস্কুলাৰ ছায়েন্সৰ অধ্যক্ষ ডাঃ ৰাজীৱ পৰাখে কয় যে, “ডায়েবেটিছে পেৰিফেৰেল আৰ্টাৰী ডিজিজকে ধৰি ভাস্কুলাৰ সম্বন্ধীয় জটিলতাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি কৰে। ভৰিৰ আলচাৰ আৰু অংগচ্ছেদৰ দৰে গুৰুতৰ ফলাফল প্ৰতিৰোধৰ বাবে আগতীয়াকৈ ৰোগ নিৰ্ণয় আৰু ব্যাপক ব্যৱস্থাপনা অতি গুৰুত্বপূৰ্ণ।” মেডাণ্ট মাল্টি-স্পেচিয়েলিটী অ’পিডি এতিয়া গুৱাহাটীত উপলব্ধ, ঠিকনা হৈছে- ছানভেলী হাস্পতাল, জি এছ ৰোড, মথুৰা নগৰ, বৰমটৰিয়া, গুৱাহাটী। অধিক তথ্যৰ বাবে 7638826770 নম্বৰত যোগাযোগ কৰিব পাৰে।