কোৱাণ্টাম উদ্ভাৱন পৰিস্থিতিতন্ত্ৰক আগুৱাই নিব এলটিআইমাইণ্ডট্ৰিয়ে

আইবিএমে বিশ্বব্যাপী প্ৰযুক্তি পৰামৰ্শ আৰু ডিজিটেল সমাধান প্ৰদানকাৰী প্ৰতিষ্ঠান এলটিআইমাইণ্ডট্ৰিয়ে আইবিএম কোৱাণ্টাম নেটৱৰ্কৰ সৈতে সহযোগিতাৰে একাধিক উদ্যোগত নিজৰ বিশ্বব্যাপী থকা গ্ৰাহকসকলৰ বাবে কোৱাণ্টাম কম্পিউটিং উদ্ভাৱন অন্বেষণৰ বাবে কাম কৰাৰ কথা ঘোষণা কৰিছে। প্ৰথম ইণ্ডিয়ান গ্লোবেল চিষ্টেম ইণ্টিগ্ৰেটৰ (জিএছআই) হিচাপে এলটিআইমাইণ্ডট্ৰিয়ে আইবিএমৰ সম্পদৰ প্ৰৱেশ বা ব্যৱহাৰৰ সুযোগ-সুবিধা লাভ কৰিব, যাৰ ভিতৰত আছে ক্লাউড, ছফ্টৱেৰ আৰু সম্পৰ্কিত দক্ষতা বিষয়ত আইবিএমৰ বিশ্বব্যাপী কোৱাণ্টাম কম্পিউটিং প্ৰণালীৰ ফ্লীট।

এই কৌশলগত পদক্ষেপৰ উদ্দেশ্য হৈছে গ্ৰাহকসকলক কোৱাণ্টাম কম্পিউটিং প্ৰযুক্তিৰ পৰিৱৰ্তনশীল মূল্যৰ জৰিয়তে যাতে লাভান্বিত হোৱাত সহায় কৰিব পৰা যায়। আইবিএম কোৱাণ্টাম এডপচন এণ্ড বিজনেছ ডেভেলপমেণ্টৰ উপাধ্যক্ষ স্কট ক্ৰাউডাৰে আইবিএম কোৱাণ্টাম নেটৱৰ্কলৈ এলটিআইমাইণ্ডট্ৰিক উষ্ম আদৰণি জনায় আৰু আইবিএমৰ আভ্যন্তৰীণ টীম আৰু গ্ৰাহকসকলৰ বাবে কোৱাণ্টাম কম্পিউটিঙৰ লাভালাভ অন্বেষণ কৰাত সহায় কৰিবলৈ উৎসাহ আৰু আগ্ৰহ প্ৰকাশ কৰিছে।

এলটিমাইণ্ডট্ৰিয়ে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আই আই টি) মাদ্ৰাজৰ সৈতে যৌথ প্ৰচেষ্টাৰে কোৱাণ্টাম গৱেষণা আৰু কৰ্মশক্তি বিকাশৰ ক্ষেত্ৰত একেলগে কাম কৰিব। এলটিমাইণ্ডট্ৰিয়ে কোৱাণ্টাম কম্পিউটিং ক্ষেত্ৰখনৰ পেছাদাৰী আৰু গৱেষকৰ নতুন প্ৰজন্মক প্ৰতিপালন বা আহি থকা দিনৰ বাবে আগুৱাই নিবলৈ প্ৰয়োগমূলক গৱেষণা, কোৱাণ্টাম কম্পিউটিং ৱৰ্কশ্বপ আৰু গৱেষণা অনুদানকে ধৰি দীৰ্ঘম্যাদী প্ৰকল্পৰ শৃংখলা স্থাপন আৰু ৰূপায়ণৰ পৰিকল্পনা কৰিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *