লেঃ জেনেৰেল (অৱসৰী) ৰাণাপ্রতাপ কলিতালৈ “মহাৰাজ পৃত্থু মহাপৰাক্ৰম বঁটা-২০২৪” ঘোষণা অসম জাতীয় মহাসভাৰ

83

শ্রীমন্ত শঙ্কৰদেৱ থান, পাটবাউসী সত্ৰৰ পুণ্যভূমিত মণিকাঞ্চন বিশ্বায়ন জ্ঞানজ্যোতি গৱেষণা কেন্দ্ৰৰ উদ্যোগত তথা ঐতিহ্যক্ষেত্ৰ উন্নয়ন মঞ্চ, বৰপেটা বৰধাম, অসম জাতীয় মহাসভা আৰু শ্রীমন্ত শঙ্কৰদেৱ থান, পাটবাউসী সত্ৰ পৰিচালনা সমিতিৰ সহযোগত ২৬ মে’ৰ দিনৰ ১১ বজাত মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা লৈ ধন্য নৰতনুভাল অমৃত অভিনন্দন গ্ৰন্থ সম্পাদনা সমিতি গঠন সম্পৰ্কীয় এখন সভা অনুষ্ঠিত হয়।

মহাসভাৰ ভাৰপ্ৰাপ্ত সভাপতি তথা সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰীৰ সভাপতিত্বত সভাখনত সম্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে শ্ৰীশ্ৰীকুমাৰকুছি সত্ৰৰ সত্ৰাধিকাৰ ৰত্নকান্তদেৱ অধিকাৰী আৰু শ্ৰীমন্ত শঙ্কৰদেৱ থান, পাটবাউসী সত্র পৰিচালনা সমিতিৰ সভাপতি অবনী মিশ্রই।

অক্লান্ত সেৱক, যুগদ্রষ্টা মহানায়ক ডঃ হিমন্ত বিশ্ব শৰ্মালৈ ধন্য নৰতনু ভাল অমৃত অভিনন্দন গ্রন্থ প্রকাশৰ প্ৰাসংগিকতাক সময়ৰ আহ্বান হিচাপে লোৱাটো উচিত পদক্ষেপ বুলি সভাই মত পোষণ কৰে।

আনহাতে, মুখ্য উপদেষ্টা পদত মহাৰাজ পৃত্থু মহাপৰাক্ৰম অমৃত বঁটা-২০২৪ বৰ্ষৰ প্ৰাপক অসম গৌৰৱ, অৱসৰী লেঃ জেনেৰেল ৰাণাপ্রতাপ কলিতাদেৱক মুখ্য উপদেষ্টা পদত মনোনীত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

ধন্য নৰতনু ভাল অমৃত গ্রন্থ সম্পাদনা সমিতিৰ (ৰাষ্ট্ৰীয়) সভাপতিৰ পদত শ্ৰীশ্ৰীঈশ্বৰহাটী সত্ৰ, শুৱালকুছিৰ সত্ৰাধিকাৰ ৰাজীৱ লোচন সন্ত বাপজনাক মনোনীত কৰি প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

মুখ্য কাৰ্যবাহী আৰু মুখ্য সম্পাদক (অসমীয়া খণ্ড) পদত মণিকাঞ্চন বিশ্বায়ন জ্ঞানজ্যোতি গবেষণা কোষৰ সচিব হৰেকৃষ্ণ তালুকদাৰক সভাই মনোনীত কৰে। অমৃত অভিনন্দন গ্ৰন্থখনৰ (ইংৰাজী খণ্ড) মুখ্য সম্পাদকৰ পদত অসম বিধান সভাৰ প্ৰাক্তন সচিব, ভাৰতীয় প্রশাসনিক সেৱাৰ অৱসৰী বিষয়া হেমেন দাসক মনোনীত কৰি প্ৰস্তাৱ গ্ৰহণ কৰে।

অমৃত কালৰ ২০২৪ বৰ্ষৰ প্ৰথম বঁটাটি প্রাপক হিচাপে অসম গৌৰৱ লেঃ জেনেৰেল (অৱসৰী) ৰাণাপ্রতাপ কলিতাদেৱক বঁটাপ্রাপক হিচাপে সভাই আনুষ্ঠানিক ঘোষণা কৰে।