বিশ্ব এথলেটিকছ দিৱসত ভাৰতীয় খেলুৱৈসকলক প্ৰশংসা লিমকা বুক অৱ ৰেকৰ্ডছৰ

এই বিশ্ব এথলেটিকছ দিৱসত লিমকা বুক অৱ ৰেকৰ্ডছে ক্ৰীড়া ইতিহাসৰ পৃষ্ঠাত নিজৰ নাম লিপিৱদ্ধ কৰিবলৈ সক্ষম হোৱা খেলুৱৈসকলৰ অসাধাৰণ জয়ক গৌৰৱেৰে সন্মান জনাইছে। আৰম্ভণিৰে পৰাই লিমকা বুক অৱ ৰেকৰ্ডছ মানৱ আকাংক্ষা আৰু সাফল্যৰ এক দাপোণ হৈ আহিছে, যিযে অতুলনীয় নিষ্ঠা আৰু দৃঢ়তাৰ সাৰমৰ্মক ধৰি ৰাখিছে। ইয়াৰ পৃষ্ঠাবোৰৰ ভিতৰত উল্লেখযোগ্য কৃতিত্বৰ কাহিনী নিহিত হৈ আছে, যিয়ে বিভিন্ন এথলেটিক ডমেইনত প্ৰতিভাৰ সমৃদ্ধ ইতিহাস প্ৰদৰ্শন কৰিছে। লিমকা বুক অৱ ৰেকৰ্ডছৰ ৩৩সংখ্যক সংস্কৰণে ‘ইণ্ডিয়া এট হাৰ বেষ্ট’ বিষয়বস্তুক সমৰ্থন জনাইছে।

ভাৰতীয় এথলেটিকছৰ অসংখ্য কৃতিত্ব প্ৰদৰ্শন কৰা হৈছে লিমকা বুক অৱ ৰেকৰ্ডছত, যাৰ ভিতৰত অন্যতম হৈছে ২০২৩ বৰ্ষত বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত নীৰজ চোপ্ৰাই লাভ কৰা প্ৰথমটো স্বৰ্ণ পদক, বেংককত অনুষ্ঠিত এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত মহিলাৰ ১০০ মিটাৰ হাৰ্ডলছত জ্যোতি ইয়াৰাজীৰ স্বৰ্ণ পদক, ২০১৯ চনত ইউনিভাৰ্চিয়াদত এলজিবিটিকিউ+ এথলীট দ্যুটি চান্দে লাভ কৰা স্বৰ্ণ পদক অন্যতম, এইসমূহ সাফল্য সামগ্ৰিক আৰু বহনক্ষমতাৰ স্বাক্ষুস প্ৰমাণ। গুজৰাটত অনুষ্ঠিত হোৱা নেচশ্যনেল অ’পেন মাষ্টাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিপত ১০০ মিটাৰ দৌৰত স্বৰ্ণ পদক লাভ কৰি ১০৫ বছৰীয়া ৰামবাই ভাৰতৰ আটাইতকৈ বয়সীয়াল স্বৰ্ণ পদক বিজয়ী হোৱাৰ গৌৰৱ অৰ্জন কৰিছিল। আইএএএফ বিশ্ব চেম্পিয়নশ্বিপত ভাৰতৰ একমাত্ৰ পদক বিজয়ী অঞ্জু ববি জৰ্জ ভাৰতীয় এথলেটিকছৰ এক আইকন, অঞ্জুৰ লং জাম্পৰ দক্ষতা আৰু প্ৰদৰ্শনে সকলোৰে আদৰ্শ হিচাপে প্ৰতিষ্ঠিত কৰিছে। ২০১৪ বৰ্ষত লিমকা বুক অৱ ৰেকৰ্ডছৰ মালয়ালম সংস্কৰণ উন্মোচনৰ সময়ত অঞ্জু ববি জৰ্জক সন্মান জনোৱা হৈছিল, যাৰ বিষয়বস্তু আছিল ‘মহিলা সবলীকৰণ’।

এই সাফল্যই ভাৰতত এথলেটিক ক্ষেত্ৰখনৰ উৎকৰ্ষতাৰ শিখৰ প্ৰদৰ্শন কৰিছে। কোকা-কোলা কোম্পানীৰ ভাৰত আৰু দক্ষিণ-পশ্চিম এছিয়াৰ অপাৰেটিং ইউনিটৰ হাইড্ৰেচন, ক্ৰীড়া আৰু চাহৰ বিপণন বিভাগৰ জ্যেষ্ঠ সঞ্চালক ৰুচিৰা ভট্টাচাৰ্যই মন্তব্য কৰি কয় যে, “ভাৰতীয় খেলুৱৈসকলৰ সাফল্য উদযাপন কৰিবলৈ আৰু দৰ্শকৰ মাজত গৰ্বৰ অনুভূতি জাগৃত কৰিবলৈ আমি লিমকা বুক অৱ ৰেকৰ্ডছৰ জৰিয়তে খেলুৱৈসকলৰ কৃতিত্বৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *