লিমকা বুক অৱ ৰেকৰ্ডছ ২০২৪ত যুগান্তকাৰী অভিলেখ গঢ়া মহিলাক জনোৱা হৈছে

লিমকা বুক অৱ ৰেকৰ্ডছে গৌৰৱেৰে প্ৰকাশ কৰিলে ব্যতিক্ৰমী আৰু উন্নত প্ৰদৰ্শনেৰে উজলি উঠা অভিলেখ সৃষ্টিকাৰী মহিলাৰ তালিকা। লিমকা বুক অৱ ৰেকৰ্ডছে সেই মহিলাসকলক সন্মানিত কৰে যিসকলে প্ৰত্যাশা পূৰণৰ বাবে সফল হৈছে, নতুন মানদণ্ড নিৰ্ধাৰণ কৰিছে আৰু ক্ৰীড়াজগতত ইতিহাস সৃষ্টি কৰিছে। এইসকল মহিলাৰ কাহিনীয়ে প্ৰত্যাশা আৰু সৱলীকৰণৰ এক অনন্য মাত্ৰা প্ৰদান কৰিছে, যিয়ে আমাক সোঁৱৰাই দিয়ে যে আৱেগ অনুসৰণ আৰু পাৰ্থক্য সৃষ্টিৰ বাবে কোনো সীমা নাই। লিমকা বুক অৱ ৰেকৰ্ডছত কেইবাগৰাকী মহিলাই নিজৰ কৃতিত্বৰ বাবে স্থান লাভ কৰিছে, যিয়ে বিভিন্ন ক্ৰীড়াক্ষেত্ৰত যথেষ্ট সফলতা অৰ্জন কৰিছে।

অহিকা মুখাৰ্জী আৰু সুতীৰ্থা মুখাৰ্জীয়ে এছিয়ান গেমছ ২০২২ত টেবুল টেনিছত প্ৰথমবাৰলৈ ভাৰতীয় মহিলা দ্বৈত শাখাত ব্ৰঞ্জৰ পদক জিনিবলৈ সক্ষম হয়। কিৰণ বালিয়ানে ভাৰতৰ প্ৰথম শ্বট পুট খেলুৱৈ ৰূপে এথললেটিকছত পদক জিকিছিল। আনহাতে জ্যোতি য়াৰাজীয়ে ১০০ মিটাৰ হাৰ্ডলছত পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হৈছিল। ২০২৩ বৰ্ষতে চি এ ভৱানী দেৱীয়ে এছিয়ান ফেঞ্চিং চেম্পিয়নশ্বিপত পদক জয় কৰা প্ৰথম ভাৰতীয় ফেঞ্চাৰ হিচাপে ব্ৰঞ্জৰ পদক জিকিছিল। ভাৰতীয় মহিলা কাবাডী দলে ফাইনেলত চীনা টাইপেইক পৰাস্ত কৰি এছিয়ান গেমছত ৩বাৰকৈ স্বৰ্ণ পদক জিকিছিল।

সুক্ৰাতী চাক্সেনা, ৰূপম দ্বিৱেদী, স্বৰাঞ্জলি চাক্সেনা আৰু অপলা ৰাজবংশীয়ে চাৰিচকীয়া বাহনেৰে  দ্ৰুততম সময়ত কোৱাড্ৰিলেটাৰেল এক্সপেডিচন(সোণালী চতুৰ্ভুজ যাত্ৰা) সমাপন কৰে, মুঠ ৬,২৬৩ কিলোমিটাৰ অতিক্ৰম কৰাৰ বাবে চাৰিওগৰাকীক প্ৰয়োজন হৈছিল ৬ দিন, ১৪ ঘণ্টা আৰু ৫ মিনিট সময়ৰ। কোকা-কোলা কোম্পানীৰ ভাৰত আৰু দক্ষিণ-পশ্চিম এছিয়া অপাৰেটিং ইউনিটৰ মাৰ্কেটিং- হাইড্ৰেচন, স্পৰ্টছ-টি কেটেগৰীৰ জ্যেষ্ঠ সঞ্চালক ৰুচিৰা ভট্টাচাৰ্যই কয় যে, “এই মহিলাসকলে কেনেদৰে প্ৰতিবন্ধকতা নেওচি নিজৰ জীৱন বাটত আগুৱাই গৈছে আৰু পৰিধি ভাঙি জীৱনত আগুৱাই যোৱাৰ মন্ত্ৰ সকলোৱে জনা উচিত।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *