লাভাই উন্মোচন কৰিলে ব্লেজ কাৰ্ভ ৫জি

ভাৰতৰ আগশাৰীৰ স্মাৰ্টফোন ব্ৰেণ্ড লাভা ইণ্টাৰনেচনেলে মুকলি কৰিলে ছেগমেণ্ট-বেষ্ট ৮জিবি এলপিডিডিআৰ৫ ৰেম আৰু ইউএফএছ ৩.১ ১২৮জিবি/২৫৬জিবি ইণ্টাৰনেল ষ্ট’ৰেজৰ সৈতে বৈপ্লৱিক মিড ৰেঞ্জ স্মাৰ্টফোন ব্লেজ কাৰ্ভ ৫জি। এই নতুন ডিভাইচটো বিজুলীৰ দৰে দ্ৰুত গতিৰ মিডিয়াটেক ডাইমেনচিটি ৭০৫০ প্ৰক্ৰিয়াৰে চালিত, যিয়ে অতুলনীয় গতি আৰু কাৰ্যক্ষমতা প্ৰদান কৰে।

নতুন মুকলিৰ বিষয়ে লাভা ইণ্টাৰনেচনেলৰ পৰিচালন সঞ্চালক সুনীল ৰাইনাই কয় যে, ব্লেজ কাৰ্ভ ৫জি মোবাইলটোৱে স্মাৰ্টফোন উদ্যোগত ভাৰতীয় অভিযান্ত্ৰিকী আৰু প্ৰযুক্তিগত শক্তি প্ৰদৰ্শন কৰিছে আৰু ভাৰতীয় গ্ৰাহকসকলক ২০ হাজাৰৰ তলৰ মূল্যৰ পৰিসৰত বিশ্বমানৰ অভিজ্ঞতা প্ৰদান কৰা লক্ষ্য হাতত লৈছে। ব্লেজ কাৰ্ভ ৫জি দুটা ভেৰিয়েণ্টত উপলব্ধ – ৮+৮*জিবি/১২৮জিবি আৰু ৮+৮*জিবি/২৫৬জিবি, যাৰ মূল্য ক্ৰমে ১৭,৯৯৯/ আৰু ১৮,৯৯৯/ টকা। এই ফোনটোৱে ব্লটৱেৰ-ফ্ৰী, এড-ফ্ৰী, আৰু ক্লিনত চলিব এণ্ড্ৰইড ১৩ত পৰিচালিত হ’ব।

নতুন ফোনটোত লাভাই নিয়মীয়া চফ্টৱেৰ আপডেট, এণ্ড্ৰইড ১৪ আৰু ১৫লৈ আপডেটসহ ৩ বছৰৰ বাবে ত্ৰিমাসিক সুৰক্ষা আপডেটৰ প্ৰতিশ্ৰুতি দিছে। ব্লেজ কাৰ্ভ ৫জিত শক্তিশালী ৫০০০ এমএইউছ লি পলিমাৰ বেটাৰী প্ৰদান কৰিছে আৰু ই ৩৩ ৱাট চাৰ্জাৰৰ সৈতে দ্ৰুত চাৰ্জিং সক্ষমতা প্ৰদান কৰিছে। ব্লেজ কাৰ্ভ ৫জি ১১ মাৰ্চৰ পৰা দুপৰীয়াৰ পৰা আমাজন.ইন লাভা ই-ষ্ট’ৰ, আৰু সমগ্ৰ লাভা ৰিটেইল নেটৱৰ্কৰ জৰিয়তেও ক্ৰয় কৰিব পাৰিব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *