চি এছ ৰাজনক অস্থায়ী অধ্যক্ষ ৰূপে নিযুক্তি দিবলৈ সাজু হৈছে কোটাক মহিন্দ্ৰা বেংক

প্ৰকাশ আপ্টেৰ অৱসৰৰ পিছত ২০২৪ৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ দুবছৰৰ বাবে চি এছ ৰাজনক অস্থায়ী অধ্যক্ষ ৰূপে নিযুক্তি দিবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে(আৰবিআই) কোটাক মহিন্দ্ৰা বেংক লিমিটেড(কেএমবিএল)ক অনুমোদন জনাইছে। ২০২৩ চনৰ ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰিবলগীয়া প্ৰকাশ আপ্টেৰ অৱসৰৰ পিছতে ৰাজনে বেংকৰ ব’ৰ্ডৰ পৰৱৰ্তী অংশকালীন অধ্যক্ষ হ’ব।

ৰাজস্থান চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব চি এছ ৰাজনে ২০২২ চনৰ ২২ অক্টোবৰৰ পৰা বেংকৰ ব’ৰ্ডত স্বতন্ত্ৰ সঞ্চালক হিচাপে নিযুক্তি লাভ কৰিছে। ৪০ বছৰৰো অধিক অভিজ্ঞতাসম্পন্ন ৰাজনে শক্তি, ৰাজপথ, জল সম্পদ, উদ্যোগ, কৃষি আৰু গ্ৰামোন্নয়ন, মানৱ সম্পদ, বিত্ত আৰু সাধাৰণ প্ৰশাসনকে ধৰি প্ৰধান আন্তঃগাঁথনি খণ্ডত নেতৃত্বৰ ভূমিকা পালন কৰিছে। তেওঁ বিশ্ব বেংকৰ প্ৰকল্পৰ বাবে আৰু পৰামৰ্শদাতা হিচাপে ইণ্টাৰ ডিচিপ্লিনেৰী(আন্তঃশাখা) টীমত সেৱা আগবঢ়াই আছে। কোটাক মহিন্দ্ৰ বেংকৰ স্বতন্ত্ৰ সঞ্চালক আৰু অ-কাৰ্যবাহী(নন-এক্সিকিউটিভ) স্বতন্ত্ৰ অংশকালীন অধ্যক্ষৰূপে নিযুক্তিপ্ৰাপ্ত চি এছ ৰাজনে কয় যে, “মই ব’ৰ্ড আৰু সমগ্ৰ দলটোৰ সৈতে সহযোগিতামূলকভাৱে কাম কৰিবলৈ যথেষ্ট আগ্ৰহী।”

২০১৬ চনত অৱসৰ গ্ৰহণৰ পিছত ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ উপদেষ্টা পৰিষদৰ উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৰাজনে। ২০১৮ত ভাৰত চৰকাৰে ইনফ্ৰাষ্ট্ৰাকচাৰ লিজিং এণ্ড ফাইনেন্সিয়েল চাৰ্ভিচেছ লিমিটেডৰ ব’ৰ্ডত নিযুক্তি দিয়ে ৰাজনক।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *