কোটাক মহিন্দ্ৰা বেংকে সমৃদ্ধি আৰু উদ্ভাৱন অব্যাহত ৰখাৰ বাবে নতুন নিযুক্তিৰ কথা ঘোষণা কৰিছে

কোটাক মহিন্দ্ৰা বেংক লিমিটেডে (“কেএমবিএল” / “বেংক”) শীৰ্ষ পৰ্যায়ত কৌশলগত সালসলনি আৰু নতুন নিযুক্তিৰ কথা ঘোষণা কৰিছে, যিয়ে প্ৰতিযোগিতামূলক বিত্তীয় খণ্ডত উদ্ভাৱন আৰু সম্প্ৰসাৰণৰ দিশত এক শক্তিশালী প্ৰচেষ্টাৰ সংকেত দিছে। গ্ৰাহক-কেন্দ্ৰিক, প্ৰযুক্তি চালিত বিত্তীয় প্ৰতিষ্ঠানলৈ ৰূপান্তৰ ত্বৰান্বিত কৰাৰ প্ৰয়াস ৰূপে কোটক মহিন্দ্ৰা বেংকে আজি বহুতো হাই-প্ৰফাইল নিযুক্তিৰ কথা ঘোষণা কৰিছে। এই ৰূপান্তৰৰ ভিতৰত আছে কেভিএছ মনিয়নক যুটীয়া পৰিচালন সঞ্চালকৰ পদলৈ উন্নীত কৰা হৈছে আৰু অহা ১ মাৰ্চৰ পৰা নতুন পদৰ দায়িত্ব গ্ৰহণ কৰিব মনিয়নে। মনিয়নে নিজৰ পূৰ্বৰ সমৃদ্ধি অভিজ্ঞতা আৰু শেহতীয়া প্ৰযুক্তিৰ ব্যৱহাৰেৰে হোলচেল বেংক, বাণিজ্যিক বেংক, ব্যক্তিগত বেংকিং আৰু সম্পদ পুনৰগঠন খণ্ডকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ ছেগমেণ্টত অগ্ৰগতিৰ দায়িত্ব ল’বলৈ সাজু হৈছে।

এই কৌশলগত প্ৰচেষ্টাৰ ক্ষণত মনিয়নৰ সৈতে যোগদান কৰিছে শান্তি একাম্বৰমে, একাম্বৰমক উপ পৰিচালন সঞ্চালক হিচাপে নিযুক্ত কৰা হৈছে, ২০২৪ৰৰ ১ মাৰ্চৰ পৰা কাৰ্যকৰী হ’ব এই নিযুক্তি। মানৱ সম্পদ আৰু কৰ্প’ৰেট সামাজিক দায়বদ্ধতাৰ দৰে গুৰুত্বপূৰ্ণ কাৰ্যকলাপ তদাৰক কৰাৰ সময়ত ৮১১, ট্ৰেজাৰী আৰু গ্লোবেল মাৰ্কেট ব্যৱসায়ৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডত অগ্ৰগতিৰ বাবে বিভিন্ন পদক্ষেপসমূহ পৰিচালনা কৰাত একাম্বৰমে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

ইয়াৰ লগতে বেংকটোৱে দেৱাং ঘিৱালাক বংকটোৰ মুখ্য বিত্তীয় বিষয়া হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে, ২০২৪ৰ ১ এপ্ৰিলৰ পৰা এই নিযুক্তি কাৰ্যকৰী হ’ব, কিয়নো জৈমিন ভাটে অহা ৩১ মাৰ্চত অৱসৰ গ্ৰহণ কৰিব। মিলিন্দ নাগনুৰক বেংকৰ মুখ্য পৰিচালন বিষয়া পদলৈ উন্নীত কৰা হৈছে, অহা ১ এপ্ৰিলৰ পৰা কাৰ্যভাৰ চম্ভালিব নাগনুৰে, ইয়াৰ লগতে ১ মাৰ্চত পল পাৰম্বিয়ে গ্ৰুপৰ চীফ ৰিস্ক অফিচাৰৰ ভূমিকা গ্ৰহণ কৰিব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *