মাইক্ৰ’-ফুড প্ৰচেছিং ফাৰ্মবোৰৰ কাৰ্যকলাপ ডিজিটেলাইজ কৰিব জাষ্টডায়েলে

এআইডিচিএলে বৰ্তমান ৰূপায়ণ কৰি থকা প্ৰধানমন্ত্ৰী ফৰ্মেলাইজেচন অৱ মাইক্ৰ’ ফুড প্ৰচেছিং এণ্টাৰপ্ৰাইজ (পিএমএফএমই) পৰিকল্পনাৰ অধীনত থকা উদ্যোগসমূহক ডিজিটেলাইজ কৰাৰ বাবে জাষ্টডায়েল আৰু অসম ঔদ্যোগিক উন্নয়ন নিগম লিমিটেডে অংশীদাৰিত্ব কৰিছে। ৩ বছৰীয়া এই চুক্তিৰ লক্ষ্য হৈছে অসংগঠিত খাদ্য সংধান উদ্যোগ(ফুড প্ৰচেচিং ইণ্ডাষ্ট্ৰী)ত এই প্ৰতিষ্ঠানসমূহৰ ডিজিটেল উপস্থিতি আৰু প্ৰতিযোগিতামূলক সক্ষমতা বৃদ্ধি কৰা। জাষ্টডায়েলে পিএমএফএমই আঁচনিৰ অধীনত পঞ্জীয়নভুক্ত মাইক্ৰ’ ফুড প্ৰচেছিং ফাৰ্ম(ক্ষুদ্ৰ খাদ্য সংধান গোট)সমূহৰ কাৰ্য-কলাপসমূহ ডিজিটেলাইজ কৰিব, আনহাতে এআইডিচিএলে জাষ্টডায়েলৰ সৈতে অংশীদাৰিত্ব কৰি পঞ্জীয়নভুক্ত ফাৰ্মবোৰৰ নেটৱৰ্কৰ জৰিয়তে গুৰুত্বপূৰ্ণ তথ্যৰ বিনিময় কৰিব।

আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অংশ হিচাপে খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়(এমঅ’এফপিআই)ৰ সহযোগত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত চৰকাৰৰ উদ্যোগত আৰম্ভ কৰা পিএমএফএমই আঁচনিৰ লক্ষ্য হৈছে অসংগঠিত খাদ্য সংসাধন উদ্যোগত বৰ্তমানৰ ক্ষুদ্ৰ উদ্যোগসমূহৰ প্ৰতিযোগিতামূলক দক্ষতা-ক্ষমতা একত্ৰিত কৰি উন্নীত কৰা। এই অংশীদাৰিত্বই এক ইতিবাচক পৰিৱৰ্তন আনিবলৈ প্ৰযুক্তি ব্যৱহাৰৰ প্ৰতি জাষ্টডায়েলৰ সমৰ্পণ প্ৰদৰ্শন কৰে আৰু ক্ষুদ্ৰ উদ্যোগৰ বিকাশত এক দীৰ্ঘদিনীয়া প্ৰভাৱ পেলোৱাৰ লক্ষ্য ৰাখিছে।

জাষ্টডায়েলৰ চীফ গ্ৰওথ অফিচাৰ শ্বেটাংক দীক্ষিতে অসম ঔদ্যোগিক উন্নয়ন নিগম লিমিটেডৰ সৈতে সহযোগিতাৰ বাবে উৎসাহ প্ৰকাশ কৰি কয় যে, জাষ্টডায়েলৰ উন্নত ডিজিটেল সামৰ্থ্য ব্যৱহাৰ কৰি আৰু ক্ষুদ্ৰ উদ্যোগ(মাইক্ৰ’ এণ্টাৰপ্ৰাইজ)ৰ বিকাশত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলোৱাৰ লক্ষ্যৰে মাইক্ৰ’ ফুড প্ৰচেছিং ফাৰ্ম(ক্ষুদ্ৰ খাদ্য সংসাধন উদ্যোগ)সমূহত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সাজু হৈছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *