জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই ভাৰত মবিলিটী গ্লবেল এক্সপ’ ২০২৫ত নতুন প্ৰিমিয়াম ব্ৰেণ্ড চেনেল এম জি চিলেক্টৰ অধীনত এম জি চাইবাৰষ্টাৰ আৰু এম জি এম ৯ উন্মোচন কৰি বিলাসী ইলেক্ট্ৰিক বাহন(ই ভি)ৰ বজাৰত বলিষ্ঠ পদক্ষেপ আগবঢ়াইছে। এই মডেলসমূহে ভাৰতৰ প্ৰথমখন সম্পূৰ্ণ বৈদ্যুতিক ৰ’ডষ্টাৰ আৰু প্ৰথমখন বৈদ্যুতিক তিনি শাৰীৰ প্ৰেচিডেঞ্চিয়েল লিমুজিন আগবঢ়াইছে, যিয়ে প্ৰতিষ্ঠানটোৰ ইভি পৰ্টফলিঅ’ বৃদ্ধি ঘটাইছে, য’ত এতিয়া পাঁচটা মডেল অন্তৰ্ভুক্ত কৰা হৈছে: উইণ্ডচৰ, কমেট, জেডএছ, চাইবাৰষ্টাৰ আৰু এম৯।
এম জি চাইবাৰষ্টাৰে এক চিকচিকিয়া ডিজাইন, বিজুলীৰ দৰে দ্ৰুত ত্বৰণ আৰু ভাৰতৰ প্ৰথমবাৰৰ বাবে বৈদ্যুতিক চিচৰ দুৱাৰৰ দৰে উদ্ভাৱনীমূলক বৈশিষ্ট্যৰ সৈতে ভৱিষ্যতৰ ৰ’ডষ্টাৰ অভিজ্ঞতা প্ৰদান কৰে। ইফালে এম জি এম ৯-এ হাই-এণ্ড বজাৰখনক লক্ষ্য কৰি লৈছে, ৰিক্লিনিং অট্টোমেন ছীট, ৩-জ’ন ক্লাইমেট কণ্ট্ৰ’ল চিষ্টেম আৰু পেনোৰামিক ছানৰুফৰ দৰে বৈশিষ্ট্যৰ সৈতে অতুলনীয় বিলাসীতা প্ৰদান কৰিছে।
গুৱাহাটীবাসীৰ লগতে সমগ্ৰ অসমতে এমজিৰ ইভিৰ চাহিদা বৃদ্ধি পাইছে, এমজি উইণ্ডচৰে ইতিমধ্যে পৰিৱেশ সচেতন ক্ৰেতাসকলৰ মাজত আকৰ্ষণ-জনপ্ৰিয়তা লাভ কৰিছে। বহনক্ষম গতিশীলতা আৰু সেউজ প্ৰযুক্তিৰ ওপৰত অঞ্চলটোৰ বৰ্ধিত মনোযোগে ৰাজ্যখনক এমজি মটৰৰ সম্প্ৰসাৰিত ইভি অফাৰ আগবঢ়োৱাৰ বাবে এক মুখ্য বজাৰ হিচাপে স্থান দিছে। বিচক্ষণ গ্ৰাহকসকলৰ বাবে ডিজাইন কৰা এমজি চিলেক্টে ভাৰতত বিলাসবহুল বাহন খণ্ডক ন ৰূপত গঠন কৰাৰ লক্ষ্য লৈছে। দেশৰ ১২খন চহৰত একচেটিয়া অভিজ্ঞতা কেন্দ্ৰৰ সৈতে এমজি-এ দেশত সুলভ বিলাসবহুল ইভি-ৰ দিশত পৰিৱৰ্তনৰ নেতৃত্ব দিবলৈ সাজু হৈছে।