অসমত ২০৯ কোটি টকাৰ অ’ডিএ ঋণৰ জৰিয়তে মীন পালন সম্প্ৰসাৰণৰ প্ৰয়াস জাইকাৰ

জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সংস্থা(জাইকা)ই ৩,৫৮০ মিলিয়ন জাপানীজ য়েন(প্ৰায় ২০৮ কোটি টকা) মূল্যৰ মীন পালনৰ এক ঋণ চুক্তিত স্বাক্ষৰ কৰিছে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে মীন পালন সম্প্ৰসাৰণ আৰু উৎপাদন বৃদ্ধি তথা বহনক্ষম মীন পালন যোগান শৃংখলা বিকশিত কৰা আৰু অসমত মীন পালন খণ্ডৰ অংশীদাৰসকলৰ জীৱিকা উন্নত কৰা। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত সচিব মনীষা সিনহা আৰু জাইকা ইণ্ডিয়াৰ মুখ্য প্ৰতিনিধি টাকুচি টাকুৰোৰ মাজত এই চুক্তি স্বাক্ষৰিত হয়।

 “ভাৰতত মীন পালন খণ্ডই খাদ্য সুৰক্ষা, নিযুক্তি আৰু অৰ্থনৈতিক বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই প্ৰকল্পটোৱে অসমক বহনক্ষম পদ্ধতি, উন্নত যোগান শৃংখলা আৰু উন্নত কাৰিকৰী সামৰ্থ্যৰ জৰিয়তে মীন উদ্যোগক শক্তিশালী কৰাত সহায় কৰিব,” টাকুৰোৱে এইদৰে কয়। এই প্ৰকল্পটোৱে প্ৰায় ১৫,৬০০ মীন পালক আৰু অংশীদাৰসকলক প্ৰত্যক্ষভাৱে লাভান্বিত কৰিব আৰু পৰোক্ষভাৱে ১০.৮৪ মিলিয়নৰো অধিক গ্ৰাহকক প্ৰভাৱিত কৰিব। ২০৩১ চনলৈ মীন বা মাছৰ উৎপাদন ২.৯ টন/হেক্টৰৰ পৰা ৫.০ টন/হেক্টৰলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত কৃষকৰ উপাৰ্জন আৰু মীন পালনৰ আন্তঃগাঁথনি যথেষ্ট বৃদ্ধি হ’ব। 

উ:-পূবৰ প্ৰধান বাণিজ্যিক কেন্দ্ৰ হিচাপে গুৱাহাটীয়ে প্ৰকল্পটোৰ উন্নত যোগান শৃংখলা আৰু বৰ্ধিত মাছ উৎপাদনৰ পৰা লাভ অর্জন কৰিব। শীতল সঞ্চয় আৰু দক্ষ পৰিবহনকে ধৰি বৰ্ধিত আন্তঃগাঁথনিৰ সৈতে স্থানীয় বজাৰবোৰে স্থিৰ মূল্যত উন্নত মানদণ্ডৰ মাছ লাভ কৰিব, যাৰ ফলত আন ৰাজ্যৰ পৰা আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস হ’ব। অসম চৰকাৰৰ মীন সঞ্চালকালয়ে ভাৰতৰ এক্ট ইষ্ট পলিচী আৰু জাপানৰ ফ্রী এণ্ড অপেন ইণ্ডো-পেচিফিক(এফঅ’আইপি) দৃষ্টিভংগীৰ সৈতে সংৰেখন নিশ্চিত কৰি কাৰ্যকৰীকৰণত তদাৰক কৰিব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *