জেটৱিংছ এয়াৰৱেজক উড়ান আৰচিএছ ৫.৩ৰ অধীনত ১২টা ছেক্টৰত বিমান পৰিবহন-চলাচলৰ অনুমতি 

ভাৰতীয় বিমান পৰিবহন খণ্ডত নতুনকৈ আত্মপ্ৰকাশ কৰা জেটৱিংছ এয়াৰৱেজে এলায়েন্স এয়াৰৰ তীব্ৰ প্ৰত্যাহ্বান-প্ৰতিদ্বন্দ্বিতাৰ মাজতে উত্তৰ-পূবৰ বিভিন্ন প্ৰান্ত, পশ্চিম বংগ, উত্তৰ প্ৰদেশ আৰু বিহাৰৰ কেইবাটাও বিমান বন্দৰলৈ পোনপটীয়াভাৱে সেৱা আগবঢ়াবলৈ উড়ান আৰচিএছ ৫.৩ৰ অধীনত ১২টা ছেক্টৰত সেৱা আৰম্ভ কৰি সৰ্ববৃহৎ ব্যক্তিগত অপাৰেটৰ হিচাপে অৱতীৰ্ণ হৈছে। উড়ান আৰচিএছ ৫.৩ ৰাউটৰ অধীনত জেটৱিংছ এয়াৰৱেজে গুৱাহাটী, পাকয়ং, কোচবিহাৰ, কুশীনগৰ, গয়া, বৰেলী, কানপুৰ আৰু আগ্ৰা বিমানবন্দৰলৈ বিমান চলাচল কৰিব।

জেটৱিংছ এয়াৰৱেজ হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন বিমান, যিয়ে এই বৰ্ষৰ পৰা আধুনিক ডেক টাৰ্বো ফেন ৰিজনেল জেট বিমানৰ সৈতে বাণিজ্যিক পথত নিজৰ ফিক্সড উইং বিমান পৰিচালনা কৰিব। জেটৱিংছে প্ৰথম ৫ বছৰত ৪২খন বিমান অধিগ্ৰহণ আৰু পৰিচালনা কৰাৰ শক্তিশালী ব্যৱসায়িক পৰিকল্পনা কৰিছে। উড়ান ৫.৩ৰ অধীনত জেটউইংছে চি১ আৰু চি২ আৰচিএছ ৰাউটত দক্ষ, নিৰ্ভৰযোগ্য আৰু আৰামদায়ক বিমান ভ্ৰমণ সেৱা প্ৰদান কৰাৰ লক্ষ্য ৰাখিছে, ইয়াৰ জৰিয়তে আঞ্চলিক বিমান সংযোগ বৃদ্ধি, অৰ্থনৈতিক উন্নয়নৰ প্ৰচাৰ-প্ৰসাৰ আৰু যাত্ৰীৰ অভিজ্ঞতা সমৃদ্ধ কৰিব। সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত জেটৱিংছ এয়াৰৱেজৰ চিইঅ’ এণ্ড এমডি সঞ্জয় আদিত্য সিঙে কয় যে, ”উড়ান আৰচিএছ ৫.৩-এ বৰ্তমান উত্তৰ-পূৰ্বাঞ্চল, পশ্চিম বংগ, উত্তৰ প্ৰদেশ আৰু বিহাৰৰ পৰ্যটন আৰু আকৰ্ষণীয় আৰু জনপ্ৰিয় ধৰ্মীয় পৰ্যটনস্থলীসমূহলৈ বিমান সংযোগ কৰাত সহায় কৰিব।”

অসমৰ ৰাজধানী চহৰ গুৱাহাটীত অৱস্থিত জেটৱিংছ এয়াৰৱেজে উত্তৰ-পূৰ্বাঞ্চলক সমগ্ৰ বিশ্বৰ বিমান পৰিবহন নেটৱৰ্কৰ সৈতে বিশেষভাৱে সংযোগ কৰিব, যাতে এই অঞ্চলটোত বৰ্ধিত ব্যৱসায়িক সুযোগ, পৰ্যটন আৰু সাংস্কৃতিক বিনিময় বৃদ্ধিৰ জৰিয়তে নতুন দিগন্ত অন্বেষণ আৰু সূচনা কৰিব পৰা যায়।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *