জাৱা য়েজদি মটৰচাইকেলৰ তিনিচুকীয়াত অত্যন্ত সফল মেগা চাৰ্ভিছ কেম্পৰ সম্প্ৰসাৰণৰ পৰিকল্পনা

118

জাৱা য়েজদি মটৰচাইকেলে নিজৰ অত্যন্ত সফল মেগা চাৰ্ভিছ কেম্প তিনিচুকীয়ালৈ সম্প্ৰসাৰণ কৰিবলৈ সাজু হৈছে । সমগ্ৰ ৰাজ্যতে প্ৰথম পৰ্যায়ত সুকলমে সফলতাৰে চাৰ্ভিছ কেম্প আয়োজনৰ পিছত দ্বিতীয় পৰ্যায়ত নতুন নতুন চহৰলৈ এই চাৰ্ভিছ কেম্প সম্প্ৰসাৰিত কৰা হ’ব। ৩১ মে’ আৰু ১ জুত তিনিচুকীয়াত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত অঞ্চলটোৰ ২০১৯ আৰু ২০২০ মডেলৰ জৱা মটৰ চাইকেলৰ গৰাকীসকলক একচেটিয়াভাৱে সেৱা প্ৰদান ধৰা হ’ব। এই চাৰ্ভিছ কেম্পৰ ঠিকনা হৈছে শ্যাম অটোম’বাইলছ – গেলাপুখুৰী ৰোড, তিনিচুকীয়া,অসম, ৭৮৬১২৫।

জাৱা য়েজদি মটৰ চাইকেলে ২০১৯-২০২০ মডেলৰ  জাৱা মটৰ চাইকেলৰ গৰাকীসকলক বাহনৰ বিস্তৃত স্বাস্থ্য পৰীক্ষা আৰু বিনামূলীয়াকৈ কিছুমান পাৰ্টছ সলনি কৰাৰ সুবিধা আগবঢ়াইছে। এই চাৰ্ভিছ কেম্পত অগ্ৰণী  সঁজুলি যোগানকাৰী মটুল, আমাৰ’ন আৰু চিয়েট টায়াৰে অংশগ্ৰহণ কৰিব। মটৰ চাইকেলৰ স্বাস্থ্য মূল্যায়নৰ ওপৰত ভিত্তি কৰি বিনামূলীয়া বৰ্ধিত ৱাৰেণ্টীৰ সৈতে দীঘলীয়া সময়ৰ বাবে গ্ৰাহকৰ সন্তুষ্টি নিশ্চিত কৰা হৈছে।

ইতিমধ্যে ৬,২৫০খন জাৱা মটৰ চাইকেল চাৰ্ভিছৰ প্ৰথম পৰ্যায়ৰ সফলতাৰ ওপৰত ভিত্তি কৰি জাৱাই জুন মাহৰ শেষৰ ফালে প্ৰায় ১০,০০০খন বাইক চাৰ্ভিছ কৰাৰ পৰিকল্পনা কৰিছে। লগতে আহি থকা দিনবোৰত একাধিক চহৰত মেগা চাৰ্ভিছ কেম্প আয়োজনৰ পৰিকল্পনা কৰিছে। এই পদক্ষেপে গ্ৰাহকৰ সন্তুষ্টিক অগ্ৰাধিকাৰ দিয়াৰ লগতে এক অতুলনীয় মালিকীস্বত্ব অভিজ্ঞতা প্ৰদান কৰাৰ বাবে ব্ৰেণ্ডৰ প্ৰতিশ্ৰুতিক সুদৃঢ় কৰে।