অসমত দ্ৰুতগতিত বিকশিত মছলা ব্ৰেণ্ড চানৰাইজ পিউৰ স্পাইচে ‘চানৰাইজ অগ্ৰগামিনী’ৰ গ্ৰেণ্ড ফিনালেৰ বাবে সাজু হৈছে। চানৰাইজ অগ্ৰগামিনী হৈছে মহিলা উদ্যোগীক প্ৰচাৰ-প্ৰসাৰ আৰু সুযোগ প্ৰদানৰ বাবে আয়োজন কৰা এক ষ্টাৰ্টআপ প্ৰতিযোগিতা। মহিলা দিৱসৰ দিনাই দৰ্শকে ১৫জন উচ্চাকাংক্ষী উদ্যোগী মহিলাৰ উদ্যোগী হোৱাৰ সপোন আৰু জীৱনৰ তিতা-কেঁহাৰ মাজেৰে কিদৰে আজিৰ পৰ্যায়ত উপনীত হ’ল তাৰ অভিজ্ঞতা সকলোৰে আগত ব্যক্ত কৰিব আৰু দৰ্শকৰ বাবে প্ৰেৰণ কৰিব এক ইতিবাচক বাৰ্তা।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত সিঁচৰিত ৫০ৰো অধিক ষ্টাৰ্ট আপৰ মাজৰ পৰা অনন্য ষ্টাৰ্টআপ ধাৰণা থকা বা ব্যতিক্ৰমী চিন্তাৰে আগবঢ়া ১৫গৰাকী ব্যতিক্ৰমী মহিলাক চানৰাইজ অগ্ৰগামিনী গ্ৰেণ্ড ফিনালেৰ বাবে বাচনি কৰা হৈছে। প্ৰতিদিন নিউজ চেনেলে ৩টা খণ্ডৰ এক প্ৰতিযোগিতাৰ আয়োজন কৰিছে য’ত পাঁচগৰাকী অনুপ্ৰেৰণাদায়ক মহিলাৰ মাজত উদ্যোগী দক্ষতা প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰে। এই অনুষ্ঠান ৮ মাৰ্চৰ পৰা সম্প্ৰচাৰ হ’ব, প্ৰতিটো খণ্ডতে ১ লাখ টকালৈকে নগদ ধনৰ পুৰস্কাৰ জিনাৰ সুযোগ লাভ কৰিব।
মহিলাসকলৰ প্ৰতিভাসমূহ বিচাৰ কৰিব পাঁচজনীয়া বিচাৰকৰ পেনেলে, এই বিচাৰকৰ আসন শুৱনি কৰিব প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ এমডি ঋষি বৰুৱা, অন্নপূৰ্ণা গ্ৰুপৰ এমডি সুবীৰ ঘোষ, ৱেব.কম(ইণ্ডিয়া)ৰ প্ৰতিষ্ঠাপক আত্ৰেয়ী বৰুৱা, মাষ্টাৰ বেকাৰ পেটিচেৰী অপেৰাকেফে’ছ আৰু পেটিচেৰী অপেৰা কেফে’ছৰ প্ৰতিষ্ঠাপকৰ মৈত্ৰেয়ী ওজা আৰু ফেশ্বন ডিজাইনাৰ আৰু পেজ ৩ বুটিকৰ প্ৰতিষ্ঠাপক নন্দিনী বৰকাকতিৰ দৰে বিশিষ্ট ব্যক্তিয়ে। এজাক মহিলাৰ দৃঢ়তা আৰু প্ৰতিভাৰ ৰোমাঞ্চকৰ প্ৰদৰ্শনৰ বাবে সাজু হওক,শ্ৰেষ্ঠ ৩গৰাকী মহিলাই জিনিব ছানৰাইজ অগ্ৰগামিনীৰ বিজয়ীৰ মুকুট।