কিং অৱ বলীউড শ্বাহৰুখ খানৰ সৈতে এক ৰোমাঞ্চকৰ যাত্ৰাৰ আৰম্ভণিৰ কথা ঘোষণা আইটিচিৰ ছানফিষ্ট ৱাওজাৰ্ছে

আইটিচিৰ ছানফিষ্ট ৱাওজাৰ্ছে বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানক ব্ৰেণ্ড এণ্ডাৰছাৰ হিচাপে অনন্য ৰূপত তুলি ধৰিছে, যাৰ লক্ষ্য হৈছে গ্ৰাহকৰ সংযোগ গভীৰ কৰি তোলাৰ এক সতেজ মনোমোহা ৰূপেৰে সকলোকে আপ্লুত কৰা। সুস্বাদু চীজি ফ্লেভাৰ আৰু অনন্য ১৪ স্তৰৰ ক্ৰিস্পী টেক্সচাৰৰ বাবে সকলোৰে মাজত পৰিচিত ক্ৰেকাৰ ব্ৰেণ্ডটোৱে প্ৰতিটো কামোৰতে “ৱাও”ৰ প্ৰতিশ্ৰুতিৰে স্নেকিং অভিজ্ঞতাক ন ৰূপত সংজ্ঞায়িত কৰিছে। অগিলভিৰ কল্পনাৰে প্ৰস্তুত কৰা আৰু ডিজিটেল প্লেটফৰ্মত আৰম্ভ কৰা এই অভিযানত শ্বাহৰুখ খানৰ সাৰ্বজনীন ৰূপক টেগলাইনৰ অধীনত প্ৰদৰ্শন কৰা হৈছে “ইছকে হৰ বাইট ম্যে হ্যে ৱাও!”। অভিনেতাজনৰ সহযোগিতাই ব্ৰেণ্ডৰ আৱেদন দুগুণ বৃদ্ধি কৰিবলৈ আৰু ছানফিষ্ট ৱাওজাৰ্ছক আনন্দদায়ক স্নেকাৰসকলৰ বাবে শীৰ্ষ পছন্দ হিচাপে গঢ়ি তুলিবলৈ সাজু হৈছে।

এই অংশীদাৰিত্ব সন্দৰ্ভত নিজৰ অভিমত ব্যক্ত কৰি আইটিচি-ৰ বিস্কুট এণ্ড কেক ক্লাষ্টাৰৰ চিঅ’অ’ আলী হেৰিছ শ্বেৰে কয় যে, “ছানফিষ্ট ৱাওজাৰ্ছে অতুলনীয় ক্ৰাঞ্চৰ সৈতে আনন্দদায়ক চীজৰ মিশ্ৰণ কৰে-এই গুণসমূহে এছ আৰ কেৰৰ ব্যক্তিত্বৰ সৈতে সম্পূৰ্ণৰূপে অনুৰণিত হয়।”

প্ৰিমিয়াম এফএমচিজি সামগ্ৰীৰ এক বৰ্ধিত কেন্দ্ৰ গুৱাহাটীয়ে নতুন প্ৰচাৰ অভিযানৰ প্ৰতি উৎসাহী প্ৰাৰম্ভিক সঁহাৰি দেখুৱাইছে।  স্থানীয় বিতৰকে অনুসন্ধান যথেষ্ট পৰিমাণে বৃদ্ধিৰ কথা প্ৰকাশ কৰিছে, বিশেষকৈ এছআৰকেৰ সাৰ্বজনীন আবেদন আৰু সামগ্ৰীৰ অনন্য স্নেকিং ৰূপৰ দ্বাৰা আকৰ্ষিত যুৱ গ্ৰাহকসকলৰ মাজত বিশেষভাৱে চৰ্চিত হৈছে। ছানফিষ্ট ৱাওজাৰ্ছ এতিয়া খুচুৰা আৰু দ্ৰুত-বাণিজ্য প্লেটফৰ্মত চীজ ক্ৰেম আৰু লেমন ক্ৰেম এনৰবেড ক্ৰেকাৰৰ ভিন্ন ৰূপত উপলব্ধ।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *