IPS আনন্দ মিশ্ৰক লখিমপুৰৰ আৰক্ষী অধীক্ষক নিযুক্তি…

এছ আই জোনমণি ৰাভাৰ ৰহস্যঘন মৃত্যুক লৈ ৰাজ্যজুৰি চাঞ্চল্য অব্যাহত থকাৰ সময়তে লখিমপুৰৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হ’ল আইপিএছ আনন্দ মিশ্ৰক।

অন্যতম আৰক্ষী বিষয়া আনন্দ মিশ্ৰক লখিমপুৰত নিযুক্তি প্ৰদান কৰাত আনন্দ ব্যক্ত কৰিছে বিভিন্ন জনে।

উল্লেখ্য যে, জোনমণি ৰাভাৰ মৃ্ত্যুৰ প্ৰসংগতে শনিবাৰে লখিমপুৰৰ পৰা বদলি কৰা হৈছিল এছ পি বেদান্ত মাধৱ ৰাজখোৱাক।

এতিয়া তেওঁক ক্ৰীড়া বিভাগৰ এআইজি পদত নিযুক্ত কৰা হৈছে।

ইফালে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেক বদলি কৰি হাইলাকান্দিৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে।

যাৰ পিছত আইপিএছ নৱনীত মহন্তক নগাঁৱৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *